বাসুগাঁৱত জিলা স্বাস্থ্য মিচনৰ উদ্যোগত বিশ্ব যক্ষ্মা দিৱস পালন

"যক্ষ্মা হাৰিব দেশ জিকিব" শীৰ্ষক শ্লোগানেৰে সজাগতামূলক পদযাত্ৰা উলিওৱা হয়
বাসুগাঁৱত জিলা স্বাস্থ্য মিচনৰ উদ্যোগত বিশ্ব যক্ষ্মা দিৱস পালন

ডিজিটেল সংবাদ, চিৰাং : সমগ্ৰ বিশ্বৰ লগতে চিৰাং জিলাৰ বাসুগাঁৱতো আজি বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয় । ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আচঁনিৰ অধীনত জিলা স্বাস্থ্য মিচনৰ উদ্যোগত আয়োজিত বিশ্ব যক্ষ্মা দিৱসৰ লগত সঙ্গতি ৰাখি "যক্ষ্মা হাৰিব দেশ জিকিব" শীৰ্ষক শ্লোগানেৰে সজাগতামূলক পদযাত্ৰা উলিওৱা হয় ।

চিকিৎসক, স্বাস্থ্যকৰ্মী, নাৰ্ছ, আশাকৰ্মী, আৰু স্বেচ্ছাসেৱী সংগঠন দিশা এনজিঅ'ৰ সদস্যসকলৰ উপস্থিতিত উলিওৱা সজাগতামূলক পদযাত্ৰা সমগ্ৰ বাসুগাঁও চহৰৰ বিভিন্ন এলেকা সামৰি পৰিভ্ৰমণ কৰে । জিলা স্বাস্থ্য মিচনৰ উদ্যোগত বাসুগাঁও পৌৰসভা প্ৰেক্ষাগৃহত যক্ষ্মামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে পৌৰপতি সাধন মণ্ডলৰ সভাপতিত্বত এখন সজাগতামূলক সভা অনুষ্ঠিত হয় ।

সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ ৰেহেনা বেগম, জিলা যক্ষ্মা চিকিৎসা বিষয়া ডাঃ ৰাজেশ পাণ্ডে, জেষ্ঠ্য চিকিৎসক বিষয়া ডাঃ ইউ,কে, বিশ্বাস, বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ গন্ধেশ্বৰ হাজোং, বিশিষ্ট শিক্ষাবিদ ৰবীন্দ্ৰ চৌধুৰী আদি কৰি বহুতো লোকসকল উপস্থিত থাকে । সভাত 'যক্ষ্মা হাৰিব দেশ জিকিব' শীৰ্ষক বিষয় সন্দৰ্ভত ভাষণ প্ৰদান কৰা হয় আৰু এখন যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশীদাৰ হ'বলৈ সকলোকে আহ্বান জনায় ।

বাসুগাঁৱত জিলা স্বাস্থ্য মিচনৰ উদ্যোগত বিশ্ব যক্ষ্মা দিৱস পালন
কলাবাৰীত জ্ঞান ভাৰতী Tiny Toddlers নামেৰে শৈক্ষিক প্ৰতিষ্ঠান স্থাপন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in