/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a6a27977-3231-47e4-8272-ca42f57f26b4/pashu.jpg)
ডিজিটেল সংবাদ,বঢ়মপুৰ : নগাঁও জিলাৰ বঢ়মপুৰস্থিত চৰকাৰী পশুধন পামত শনিবাৰে নগাঁও জিলা পশুপালন আৰু পশুচিকিৎসা সেৱা সন্থাৰ উদ্যোগত "বিশ্ব পশু চিকিৎসা দিৱস" দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষে আজি পুৱা নগাঁও মহকুমা পশু চিকিৎসা বিষয়া ড° ৰাম নাৰায়ণ বৰুৱাই বৃক্ষৰোপণ কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত পশুধন পামখনৰ প্ৰাংগণত এখনি "চিত্ৰাংকন প্ৰতিযোগিতা" অনুষ্ঠিত হয় ।
বৃহত্তৰ বঢ়মপুৰ আৰু ইয়াৰ কাষৰীয়া মুঠ ৬ খন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ ডেৰশতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা এই চিত্ৰাংকন প্ৰতিযোগিতাখনিত বিচাৰকৰ দায়িত্ব পালন কৰে পশু চিকিৎসক ড° প্ৰবীৰ শইকীয়া আৰু ভাস্কৰ্যশিল্পী ৰাজীৱ শইকীয়াই । উল্লেখ্য যে,আজিৰ চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিগৰাকী ছাত্ৰ-ছাত্রীকে নগাঁও জিলা পশুপালন আৰু পশুচিকিৎসা সেৱা সন্থাৰ ফালৰ একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।
প্ৰতিযোগিতাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলক বঢ়মপুৰ পশুধন পামত থকা পশুধনসমূহ আৰু পামখনৰ পৰিৱেশৰ লগত চিনাকি কৰাই পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিভিন্ন উদ্দেশ্যেসমূহ ছাত্ৰ-ছাত্ৰীসকলক ব্যক্ত কৰি পৰিদৰ্শন কৰোৱায় । বিয়লি পশুধন পামৰ প্ৰেক্ষাগৃহত " বিশ্ব পশু চিকিৎসা দিৱস"ৰ লগত সংগতি ৰাখি " পশুচিকিৎসা বৃত্তিত বৈচিত্ৰ্য , সমতা আৰু সামগ্ৰিকতাৰ প্ৰচাৰ " শীৰ্ষক এখনি মুকলি সভা অনুষ্ঠিত হয় ।
সভাতেই শেহতীয়াকৈ অৱসৰ গ্ৰহণ কৰা নগাঁও সহকাৰী প্ৰকল্প বিষয়া ড° সুভাষ শৰ্মাক " আভছা"ৰ ফালৰ পৰা বিদায় সম্বৰ্ধনা জনোৱা হয় । সভাত বঢ়মপুৰ পশুধন পামৰ পৰিচালক বিদ্যা বৰুৱাকে প্ৰমুখ্যে কৰি নগাঁও জিলাৰ শতাধিক ন-পুৰণি পশুচিকিৎসক তথা চিকিৎসাকৰ্মীসকল উপস্থিত থাকি এক অন্তৰংগ আলাপৰ মাজেৰে ভাষণ প্ৰদান কৰি পামখনৰ পৰিৱেশ জীপাল কৰি তোলে।
ইফালে আজি "নগাঁও জিলা পশুপালন আৰু পশুচিকিৎসা সেৱা সন্থা"ৰ ফালৰ পৰা পুৰণিগুদাম বনকঁঠালচুকত এক "বিনামূলীয়া পশু চিকিৎসা শিবিৰ "অনুষ্ঠিত হয় । পশু চিকিৎসক সুৰেন কেওটৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই শিবিৰত অঞ্চলটোৰ প্ৰায় তিনি শতাধিক পশুধনক বিনামূলীয়াকৈ ঔষধ বিতৰণ আৰু চিকিৎসা সেৱা আগবঢ়োৱা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/bccf2843-6150-4075-91a1-7db10744fcd4/df2cb722_05f8_4478_a95c_b3fef7b0781d.jpg)
Also Read: ভোটাই গাঁও ৰাজহুৱা নামঘৰৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠান