
ডিজিটেল সংবাদ লামডিংঃ লামডিং ৰে'লৱে মণ্ডলত পুনৰ চি বি আইৰ তদন্ত ৷ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিভিন্ন স্থানত চি বি আইয়ে আজি অভিযান চলাই ৰে'ল বিভাগৰ কেইবাজনো বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে।
দুৰ্নীতিৰ অভিযোগত চি বি আইয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জিৰিবামৰ জ্যেষ্ঠ শাখা অভিযন্তা সন্তোষ কুমাৰ, লামডিং মাণ্ডলিক অভিযন্তা ৰামপাল, ত্ৰিবেণী কনষ্ট্ৰাকচন লিমিটেডৰ কৰ্মচাৰী গৌতম, মাতা দীন, পৱন মিশ্ৰ, কৈলাস চন্দ্ৰ শৰ্মা, ঠিকাদাৰ সাজন চৌধুৰী, ৰে'লবিভাগৰ গানণিক বিষয়া আশীষ ভাদুৰি, ৰে'লৱেৰ সহ-অভিযন্তা বক্তাৰ উদ্দিন লস্কৰ।
গ্ৰেপ্তাৰ হোৱা লোক কেইজনক শিলচৰ, ইম্ফল, গুৱাহাটী, লামডিং আদি বিভিন্ন স্থানৰ পৰা চি বিআইয়ে গ্ৰেপ্তাৰ কৰে। তেঁওলোকৰ পৰা ১.০২ কোটি টকা জব্দ কৰিছে। জানিব পৰামতে নিশা দুই বজাত লামডিং অফিচাৰ ৰেষ্টহাউচৰ পৰা লামডিং মাণ্ডলিক অভিযন্তা ৰামপাল নামৰ বিষয়াজনক চি বি আইয়ে গ্ৰেপ্তাৰ কৰে ৷
আনফালে লামডিং মণ্ডলৰ অন্তৰ্গত জিৰিবাম জ্যেষ্ঠ শাখা অভিযন্তা সন্তোষ কুমাৰক আটক কৰে ৷ জানিব পৰা মতে লামডিং মণ্ডলৰ অধীনত থকা জিৰিবামৰ উন্নয়ন খণ্ডত দুয়োগৰাকী বিষয়াই বিগত বহু বছৰ ধৰি ৰে'লৱে উন্নয়নৰ নামত ঠিকদাৰৰ পৰা উৎকোচ লৈ আহিছিল ৷
ইয়াৰোপৰি লুন্ঠন ৰাজ চলাই আহিছিল দুয়োগৰাকী বিষয়াই ৷ এই সন্দৰ্ভত চি বি আইয়ে অভিযান চলাই আঠ লাখ টকা উৎকোচ লোৱাৰ সময়তে তেওঁলোকক আটক কৰে৷ তদুপৰি আন কেইজনকো এই দুৰ্নীতিৰ লগত জড়িত থকাৰ অভিযোগত চি বি আইয়ে গ্ৰেপ্তাৰ কৰে।
আনফালে চি বি আই তদন্তত বহু ৰেলৱে বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰ আটক হোৱাৰ সম্ভৱনা আছে ৷