কলিয়াবৰত পুনৰ চি বি আইৰ এছ আই জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত

কলিয়াবৰত পুনৰ চি বি আইৰ এছ আই জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত পুনৰ চি বি আইৰ এছ আই জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত

ডিজিটেল সংবাদ,কলিয়াবৰ: মহিলা আৰক্ষী বিষয়া জোনমনি ৰাভাৰ দূৰ্ঘটনাস্থলীত বৃহস্পতি বাৰে পুনৰ তদন্ত চলালে চি বি আইৰ দলে। চি বি আইৰ ৬জনীয়া দল উপস্থিত হৈ ঘটনাস্থলীত পুংখানুপুংখ ভাৱে চলায় পৰীক্ষা। জখলাবন্ধা থানাৰ অন্তৰ্গত সৰুভগীয়াৰ দুৰ্ঘটনাস্থলীত পুনৰ অনুসন্ধান চলায় চিবিআইৰ দলটোৱে।

Advertisment

কলিয়াবৰ আৰু জখলাবন্ধা আৰক্ষীয়ে সহযোগ কৰে চিবিআইৰ তদন্ত প্ৰক্ৰিয়াত। জোনমনি ৰাভাৰ মৃত্যুৰ প্ৰায় চাৰিমাহ সম্পূৰ্ণ হোৱাৰ পিছত তৃতীয়বাৰৰ বাবে ঘটনাস্থলীত পুনৰ পৰীক্ষা চলায় চিবিআইৰ দলে। থ্ৰি ডি স্কেনাৰ ভিডিঅ' কেমেৰাৰ জৰিয়তে ঘটনাস্থলীৰ দৃশ্য আবদ্ধ কৰে চিবিআইয়ে। দুৰ্ঘটনাস্থলীৰ পৰা দুয়োফালে ১ কিলোমিটাৰলৈকে যান-বাহনৰ চলাচল বন্ধ কৰি তদন্ত চলায় তদন্তকাৰী দলেটোৱে।

সংবাদ মাধ্যমকো ১ কিলোমিটাৰ দুৰত্বতে থাকিবলৈ নিৰ্দেশ দিয়ে চি বি আইৰ দলে। জখলাবন্ধা হস্পিতাল চাৰিআলিৰ পৰা হাটবৰ পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২ কিলোমিটাৰ এলেকা ন' এণ্ট্ৰী জ'ন ঘোষণা কৰি প্ৰায় চাৰিঘণ্টা সময় ধৰি তদন্ত চলায় চিবিআইৰ দলটোৱে। থ্ৰি ডি স্কেনাৰ ভিডিঅ' কেমেৰাৰে চি বি আই-এ কি ক্লু লাভ কৰিলে সেয়া পোহৰলৈ আহিব তদন্তৰ অন্ততহে।

Also Read: ভৈৰৱকুণ্ডত বৃক্ষৰোপণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ বৃক্ষৰোপণ

assampolice cbi