ভৈৰৱকুণ্ডত বৃক্ষৰোপণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ বৃক্ষৰোপণ

ভৈৰৱকুণ্ডত বৃক্ষৰোপণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ বৃক্ষৰোপণ

author-image
Asomiya Pratidin
New Update
ভৈৰৱকুণ্ডত বৃক্ষৰোপণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ বৃক্ষৰোপণ

ডিজিটেল সংবাদ, ওদালগুৰিঃ "আগতে অসমত আহ ঐ আহ, ইনক্লাৱ জিন্দাবাদ ধ্বনিৰে আন্দোলন চলিছিল। এতিয়া অসমত শিক্ষা, ক্ৰীড়া, সংস্কৃতি ইত্যাদিৰ আন্দোলন চলিব। আগতে অসমত বন্ধ, পিকেটিং চলিছিল যদিও এতিয়া অসমত ৰেকৰ্ডৰ আন্দোলন চলিব।" এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। অসমত চলি থকা অমৃত বৃক্ষ আন্দোলনৰ অন্যতম ৰেকৰ্ড গঢ়াৰ প্ৰস্তুতি অব্যাহত আছে ওদালগুৰি জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ ভৈৰৱকুণ্ড-চিকাৰীদাঙ্গা অঞ্চলত। ২৪ ঘণ্টাত ১০ লাখ বৃক্ষৰোপণ কৰি ৰেকৰ্ড গঢ়াৰ কাম বুধবাৰৰ সন্ধিয়াৰ পৰাই আৰম্ভ হৈছে। বৃহস্পতিবাৰে বিয়লি প্ৰায় ২-৩০ বজাত উক্ত স্থানত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী।

Advertisment

এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসঙ্গত কয় যে, আগতে অসমত বিভিন্ন দাবীৰে আন্দোলন হৈছিল যদিও এতিয়া অসমত শিক্ষা, ক্ৰীড়া, সাংস্কৃতিক, বৃক্ষ ইত্যাদি আন্দোলন হ'বলৈ আৰম্ভ কৰিছে। তেখেতে অমৃত বৃক্ষ আন্দোলনত জড়িত হোৱা বাবে অসমবাসীক ধন্যবাদ জনা‌ই এইবাৰ এক কোটি অহাবাৰ তিনি কোটি তাৰ পিছৰবাৰ পাঁচ কোটি গছপুলি ৰোপন কৰিব বুলি ব্যক্ত কৰে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে এটি গছপুলি ৰোপন কৰি অনুষ্ঠানত উপস্থিত সকলোকে উচাহ যোগায়।

আনহাতে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় "অসমত দুটা-তিনিটা ডাঙৰ ঘটনা হৈ আছে। ইয়াৰে এটা হ'ল অসমত দ্ৰুতগতিত ৰোহিংগীয়াৰ প্ৰৱেশ। যোৱাবছৰ আমি বহু ৰোহিংগীয়া ধৰা পেলাইছো। সমান্তৰালভাৱে অসমলৈ ৰোহিংগীয়াসকলক লৈ অনা দালাল দেখিবলৈ পাইছিলো। ইতিমধ্যে ৰোহিংগীয়াৰ দুটাকৈ গোচৰ আছে। ইয়াৰে এটা গোচৰ আমি অসম আৰক্ষীৰ দ্বাৰা তদন্ত কৰাৰ বিপৰীতে আনটো গোচৰ 'নিয়া' ক দিব বিচাৰিছো। সমগ্ৰ ভাৰততে এই ৰেকেট বিয়পি আছে। এটা পৰিয়ালক অন্তৰ্ভূক্ত কৰিব পাৰিলে দালালে ৪৫ হাজাৰ টকাকৈ লাভ কৰে। যাৰ বাবে অজস্ৰ লোকক সোমোৱাই দিয়াৰ পৰিকল্পনা এটা চলি আছে। আনহাতে অলকায়দাৰ বিচৰণো অসমত চলি আছে। সময়ে সময়ে তেওঁলোকৰ পৰিকল্পনা ভাঙিবলৈ সক্ষম হৈছে। লগতে তেনেবোৰ সংগঠনৰ ওপৰত দৃষ্টি ৰাখিছো"।

বৃহস্পতিবাৰে এই অনুষ্ঠানত হস্ততাঁত বস্ত্রশিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, সাংসদ দিলীপ শইকীয়া, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ বসুমতাৰী, বিধায়ক চৰণ বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্যসকল, বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবী শংকৰ প্ৰসাদ, প্রধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, বিটিআৰৰ প্ৰধান সচিব আকাশদ্বীপ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Also Read: বিশিষ্ট শিল্পী ভাস্কৰ বীৰেন সিংহলৈ ২০২৩ বৰ্ষৰ 'আনন্দৰাম ঢেকিয়াল ফুকন' বঁটা