
ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ সমীপৱৰ্তী মৰঙিৰ ঢুলীয়াগাঁৱৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা ৬টাকৈ গৰুৱে গাড়ীৰ খুন্দাত কৰুণ মৃত্যুক আঁকোৱালি লোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। গোলাঘাট জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সম্প্ৰতি প্ৰতি দেওবাৰ আৰু সোমবাৰে নিশা এক অসাধু চক্ৰই আৰক্ষীৰ চকুত ধুলি দি চোৰাংকৈ গোধন সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে।
যোৱা নিশা সংঘটিত এই কৰুণ ঘটনাৰ পাছতে বিষয়টো আৰু অধিক সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। কিয়নো, এই পৰ্যন্ত পথেৰে খোজকঢ়াই অনা গৰুৰ মালিক সম্পৰ্কীয় সঠিক তথ্য লাভ কৰিব পৰা হোৱা নাই। দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনখনেও পলায়ন কৰে। সোমবাৰে দুৰ্ঘটনা সংঘটিত হোৱা ঠাইৰ একাংশ লোকে জনোৱা অনুসৰি, নিশা প্ৰায় ১ বজাত খোজকঢ়াই এজাক গৰু ডিমাপুৰৰ দিশে নি থকাৰ সময়তে কোনো অচিনাক্ত তীব্ৰবেগী ডাম্পাৰ এখনে গৰুৰ জাকটোক প্ৰচণ্ড জোৰে খুন্দিওৱাৰ ফলত ৬টাকৈ গৰু ঢলি পৰে।
৪টাকৈ গৰুৰ থিতাতে মৃত্যু হয় যদিও আন ২টাই আজি পুৱা প্ৰায় ১০ বজালৈকে যন্ত্ৰণাত চটফটাই আছিল। বহু সময় ধৰি কোনো ধৰণৰ চিকিৎসা নোপোৱাৰ ফলত পাছত গৰু দুটাই মৃত্যুৰ ওচৰত হাৰ মানিলে।
চৰকাৰে গো-সুৰক্ষা আইন প্ৰণয়নেৰে গোধনক সুৰক্ষা প্ৰদান কৰা বুলি যিমানেই ঢাক-ঢোল নবজাওক কিয়; এই ঘটনা পোহৰলৈ অহাৰ পাছতে গোলাঘাটত গো-সুৰক্ষা আইন ধোঁৱাচাঙত উঠিল বুলি চৌদিশে চৰ্চা চলিছে। উল্লেখ্য যে প্ৰতি দেওবাৰে নুমলীগড়ৰ বিহৰা বজাৰত ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ কৃষক ৰাইজে গো-ধন বিক্ৰীৰ বাবে আনে।
গৰু বেপাৰীয়ে গো-সুৰক্ষা আইনৰ দোহাই দি অতি নিম্ন মূল্যত কৃষকসকলৰ পৰা গৰু ক্ৰয় কৰে। ইয়াৰ পাছত বৃহৎ সংখ্যক গৰুৰ জাক নি নুমলীগড়ৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথৰ নামনিৰ উত্তৰে থকা মুকলি পথাৰত গৰুসমূহ মজুত কৰি থয় আৰু নিশা ৯ বজাৰ পাছত গৰুসমূহ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিমাপুৰ অভিমুখে খোজকঢ়াই নিয়া হয়।
এই চক্ৰই বোকাজান হৈ কাৰ্বিপাহাৰৰ মাজে মাজে গৰু সৰবৰাহ কৰি বাংলাদেশলৈ চোৰাংভাৱে ৰপ্তানি কৰে বুলিও একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে। কিন্তু, চক্ৰটোৱে আৰক্ষী প্ৰশাসনৰ একাংশ শীৰ্ষ বিষয়াৰ ছাত্ৰছায়াতে এনেদৰে নিয়মীয়াকৈ গৰু সৰবৰাহ কৰিবলৈ সক্ষম হৈছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
এনে ক্ষেত্ৰত, অনাগত সময়ত সংশ্লিষ্ট কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে, সেইয়া লক্ষণীয় হৈ ৰ'ব। গোলাঘাটৰ মৰঙিত সম্প্ৰতি ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পাইছে। ইয়াৰ ফলতেই দুর্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
অবৈধ শিল-বালি কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰক নাকী লগোৱাৰ ক্ষেত্ৰত গোলাঘাটৰ জিলা পৰিবহন বিভাগ সম্পূৰ্ণৰূপে বিফল হোৱা পৰিলক্ষিত হৈছে। কিয়নো, ইয়াৰ পূৰ্বেও কোনো অচিনাক্ত ডাম্পাৰে ২০২২ৰ ২৯ অক্টোবৰৰ নিশা দৈগ্ৰোঙৰ গ্ৰাম্য পথতে ৫টাকৈ গৰুক খুন্দিয়াই হত্যা কৰিছিল।
এই পৰ্যন্ত বিষয়টোৰ কোনো তদন্ত নহ'ল। পুনৰ যোৱা নিশা সংঘটিত কৰুণ ঘটনা সম্পৰ্কেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় বুলিও একাংশ লোকে ক্ষোভ প্ৰকাশ কৰিছে।