/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/28bf1417-cc8a-4dab-9ed4-6764830ff47e/cattle_seized.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কুকুৰমাৰাত আজি আৰক্ষী-বিএছএফে এক যৌথ অভিযানৰ জৰিয়তে ৬ টা চোৰাং গো-ধন জব্দ কৰিছে।
উল্লেখযোগ্য যে মানকাচৰ থানাৰ আৰক্ষী আৰু সীমান্তত টহলধাৰী ৪৫ নং বেটেলিয়ান বিএছএফৰ দল এটা যৌথ ভাবে সীমান্তৱৰ্তী কুকুৰমাৰা এলেকাত আজি পুৱতি নিশা প্ৰায় ২ বজাত চোৰাং গো-ধনৰ বিৰুদ্ধে অভিযান চলায়।
এই অভিযানত আৰক্ষীয়ে ৬ টা চোৰাং গো-ধন জব্দ কৰিবলৈ সক্ষম হয়। গো-ধন কেইটা আৰক্ষীয়ে জব্দ কৰি গোশালাত জমা কৰিছে। আৰক্ষীয়ে চোৰাং গো-ধনৰ বিৰুদ্ধে অভিযান চলোৱাৰ উমান পাই সৰবৰাহকাৰী চক্ৰটো পলায়ন কৰে। পুৱতি নিশাৰ ভাগত গো-ধন কেইটা সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ ফালে নিয়া অৱস্থাত আৰক্ষীয়ে অভিযান চলাইছিল।
জানিব পৰা মতে প্ৰায় প্ৰতিনিশা সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাঁহৰ ঢেঁকিৰ সহযোগত চোৰাং ভাবে বাংলাদেশলৈ গো-ধন সৰবৰাহ কৰা হয়। বাংলাদেশত গো-ধন সৰবৰাহ কৰাৰ সময়ত কাটাতাৰৰ দুয়োফালে সৰবৰাহকাৰী উপস্থিত হয়। বাংলাদেশৰ ফালৰ পৰা বাংলাদেশী সৰবৰাহকাৰী আৰু পূৰ্বে সীমান্তৰ কাষত আহি জমা হোৱাৰ পাছত সুযোগ বুজি বিএছএফৰ চকুত ধূলি দি ভাৰতৰ ফালৰ পৰা সৰবৰাহকাৰীয়ে কাটাতাৰৰ ওপৰেদি গো-ধন পাৰাপাৰ কৰে বুলি জানিব পৰা গৈছে।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে চোৰাং গো-ধন জব্দ কৰি আহিছে যদিও যি হাৰে গো-ধন সৰবৰাহ হয় সেই হাৰে গো-ধন জব্দ কৰাত আৰক্ষী-বিএছএফ বাহিনী অক্ষম হোৱাৰ অভিযোগ উত্থাপন হৈছে।
আৰু পঢ়ক : অসম আৰক্ষীৰ নতুন মুখপাত্ৰ নিযুক্তি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us