বৰহোলাত জীৱিকা বিকাশ কাৰ্যসূচী উদ্বোধন

বৰহোলাত জীৱিকা  বিকাশ কাৰ্যসূচী উদ্বোধন
বৰহোলাত জীৱিকা বিকাশ কাৰ্যসূচী উদ্বোধন

ডিজিটেল সংবাদ,বৰহোলাঃ কৃষ্টি কঠিয়া স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আৰু নাবাৰ্ডৰ সহযোগত শুকুৰবাৰে বৰহোলাৰ ঔৰংগীয়াল মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞানসন্মত পশুপালন অৰ্থাৎ কুকুৰা আৰু গাহৰি পালনৰ ওপৰত এক স্বাৱলম্বীতাৰ এক কাৰ্যসূচী উদ্বোধন কৰা হয় । বৰহোলা অঞ্চলৰ প্ৰায় ১৫০ গৰাকী মহিলাই এই জীৱিকা বিকাশ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

নাবাৰ্ডৰ বিত্তীয় সহযোগত কৃষ্টি পথাৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত এই জীৱিকা বিকাশ কাৰ্যসূচী গ্ৰাম্য অঞ্চলৰ মহিলাসকলক কিদৰে বিজ্ঞানসন্মতভাৱে পশুপালন কৰি স্বাৱলম্বী হ'ব পাৰে সেই সন্দৰ্ভত অৱগত কৰে । কৃষ্টি পথাৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত বৰহোলা অঞ্চলৰ ১৫০ গৰাকী গাঁৱৰ মহিলাক ৫ গোটত এবছৰীয়া প্ৰকল্পৰ অধীনত বিজ্ঞানসন্মত পশুপালন প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ।

পৰৱৰ্তী সময়ত এই প্ৰশিক্ষণ জৰিয়তে গাঁৱৰ প্ৰতি গৰাকী মহিলাই বিজ্ঞানসন্মত পশুপালন কৰি স্বাৱলম্বী হ'ব পাৰিব । ইয়াৰ বাবে নাবাৰ্ডে মহিলাসকলক কম সূতত ঋণৰ প্ৰদানৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে ।

তিতাবৰৰ বৰহোলা উদ্বোধন কৰা জীৱিকা বিকাশ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মহকুমা পশু চিকিৎসা বিষয়া ড০কাব্যজ্যোতি বৰা , ড০ ডি এইচ চৌধুৰী আৰু ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ পুলক কছাৰী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in