/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr.jpg)
ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰ জিলাৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমাত উদ্বাৰ হৈছে এটা মৃত বনৰীয়া হাতী। এই পৰ্যন্ত জানিব পৰা হোৱা নাই হাতীটোৰ মৃত্যুৰ কাৰণ।
মৃত হাটীটোক লৈ অসমৰ বন বিভাগে ভূটানৰ বন বিভাগৰ সৈতে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে। তামুলপুৰৰ গ্ৰীণ হিমালয়া বনভোজস্থলীৰ উত্তৰে মটঙা নৈত উদ্বাৰ হৈছে মৃত হাটীটো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c1d8cf40-9803-4fb4-a7d4-8681a4cb3963/b5e0d309_95e4_4195_9482_0d24519ebad9.jpg)
মৃত হাতীটোৰ আশে পাশে হাতীৰ অন্য যাক এটা এইপৰ্যন্ত বিচৰণ কৰি আছে বুলিও জানিব পৰা গৈছে। অতি দুৰ্গম অঞ্চলটোত আজি এন্ধাৰ হোৱা বাবে কাইলৈ পুৱাহে মৃত হাটীটোৰ যাবতীয় প্ৰক্ৰিয়া সম্পন্ন কৰিব ভূটান আৰু অসমৰ বন বিভাগে বুলি জানিব পৰা গৈছে।
Also Read: শিলচৰত বানপানীঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা জাৰি...