শিলচৰত বানপানীঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা জাৰি...

অসমকে ধৰি চুবুৰীয়া ৰাজ্য কেইখনত ধাৰাসাৰ বৰষুণ, ধুমুহাৰ আগজাননী
শিলচৰত বানপানীঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা জাৰি...
শিলচৰত বানপানীঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা জাৰি...

ডিজিটেল ডেস্কঃ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এক বুলেটিনত উল্লেখ কৰিছে যে, কাছাৰ জিলাৰ শিলচৰত বিশেষকৈ ৱাৰ্ড নং ১৪ৰ নাগাটিলা আৰু আউলিয়া বজাৰ অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত আকস্মিক বানপানীৰ সৃষ্টি হৈছে। ইয়াৰ ফলত ৮৪১০ গৰাকী লোক প্ৰভাৱিত হৈছে।

এই লোকসকলৰ ভিতৰত ৩৬৮০ গৰাকী পুৰুষ, ২৮৪০ গৰাকী মহিলা আৰু ১৮৯০ গৰাকী শিশু আছে। অৱশ্য এই বানপানীৰ ফলত জনজীৱন বিপৰ্যস্ত হৈছে যদিও সৌভাগ্যক্ৰমে মানৱ জীৱনৰ লগতে পোহনীয়া জীৱ-জন্তুৰো কোনো ক্ষতি হোৱা নাই।

ইফালে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই উপ-হিমালয়, পশ্চিম বংগ আৰু অসমৰ কেইবাখনো জিলাত ঘূৰ্ণীবতাহৰ সতৰ্কবাণী জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৩ মে’ত চুবুৰীয়া অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পাতলৰ পৰা মধ্যমীয়া বৰষুণহোৱাৰ সম্ভাৱনা আছে। অসম আৰু মেঘালয়ত ধুমুহাৰ সৈতে বৰষুণ অহাৰ সম্ভাৱনা আছে।  

৪ মে’ত একেদৰে  অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই দিনটোত পশ্চিম অসম,  মেঘালয় আৰু ত্ৰিপুৰাত গৰম আৰু আৰ্দ্ৰ পৰিস্থিতি অব্যাহত থাকিব।

৫,৬ আৰু ৭ মে’ত  অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বেছিভাগ অঞ্চলতে বৰষুণৰ সম্ভাৱনা  অধিক। এই সময়ছোৱাত ৰাজ্য কেইখনত ধুমুহা বতাহৰ সৈতে বজ্ৰপাতহোৱাৰ সম্ভাৱনা আছে।

শিলচৰত বানপানীঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা জাৰি...
সম্পূৰ্ণ হোৱাৰ পথত কলং পুনৰ জীৱিত কৰণ আঁচনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in