বিধান সভাৰ চৌহদৰ পৰাই চুৰে নিলে বিলাসী বাহন...

বিধান সভাৰ চৌহদৰ পৰাই চুৰে নিলে বিলাসী বাহন...

ডিজিটেল ডেস্ক : এতিয়া স্মাৰ্ট আৰক্ষীৰ বিফলতা ঢাকিবলৈও বিফল প্ৰশাসন । প্ৰতিদিনেই ন ন অপৰাধে অসম আৰক্ষীৰ বিফলতাক নিৰ্লজ ভাৱে উদঙাই আহিছে । শেহতীয়াকৈ এই বিফলতা সমূহৰ তালিকাত সন্নিৱিষ্ট হ'ল আন এক ঘটনা । বিধান সভাৰ চৌহদৰ পৰাই চুৰে লৈ গ'ল বিলাসী বাহন । তেনেস্থলত সুৰক্ষিত নে সাধাৰণ ৰাইজৰ কষ্টোপাৰ্জিত ধনেৰে ক্ৰয় কৰা বাহন খন ?

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা বিধান সভা চৌহদৰ পৰাই চুৰি হয় এখন বলেৰ' গাড়ী । এই বিধানসভাৰ কাষতেই আছে দিছপুৰ আৰক্ষী চকী । কিন্তু এতিয়ালৈ কোনো সূংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে । ইয়াৰ ওপৰিও কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো কিদৰে চুৰে লৈ গ'ল বাহন খন সেইয়াও এতিয়া ৰহস্যৰ আৱৰ্তত । আনহাতে, আৰক্ষীয়ে সমগ্ৰ বিষয়টি গাপ দিয়াৰ চেষ্টা চলাইছিল যদিও পৰৱৰ্তী সময়ত পোহৰলৈ আহে সমগ্ৰ চুৰিকাণ্ডটো ।

উল্লেখ্য যে, স্মাৰ্ট আৰক্ষীৰ এয়াই প্ৰথম বিফলতা নহয় । সময়ে সময়ে আৰক্ষীৰ শীৰ্ষ বিষয়া সকলে আৰক্ষী বিভাগৰ শক্তি বৃদ্ধি হোৱাৰ কথা ঘোষণা কৰি অহাৰ পাছতো ৰাজ্যত হ্ৰাস হোৱা নাই অপৰাধৰ সংখ্যা । কেৱল গুৱাহাটী মহানগৰীতেই যদি ক'ৰ'বাত পিষ্টল দেখুৱাই পথচাৰীৰ মূল্যৱান সামগ্ৰী কাঢ়ি নিয়া হৈছে তেন্তে আন ক'ৰ'বাত আকৌ ড্ৰাগছ আসক্ত উদণ্ড যুৱকে চলাইছে অত্যাচাৰ । এতিয়া প্ৰশ্ন হয় ক'ত গ'ল প্ৰকৃত স্মাৰ্ট আৰক্ষী ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in