চাৰিৰ পৰিৱৰ্তে তিনি বছৰত বিশ্বকাপ !

চাৰিৰ পৰিৱৰ্তে তিনি বছৰত বিশ্বকাপ !

ডিজিটেল ডেস্ক : কাটাৰ বিশ্বকাপৰ চৰম সাফল্যৰ পিচত এইবাৰ বিশ্বকাপক লৈ নতুন পৰিকল্পনা চলিছে ফিফাৰ । চাৰি বছৰৰ মূৰে মূৰে বিশ্বকাপ আয়োজন কৰিব নিবিচাৰে ফিফাই । তাৰ পৰিৱৰ্তে ফিফা আগ্ৰহী তিনি বছৰৰ মূৰে মু্ৰে বিশ্বকাপৰ আয়োজন কৰাত । অৱশ্যে এই প্ৰস্তাৱ এতিয়াও পৰিকল্পনাৰ মাজতেই আছে । এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ফিফাৰ অধীনত থকা সকলো দেশ আৰু ক্লাবৰ সৈতে আলোচনা কৰা হ'ব লাগিব । সকলোৰে সন্মতি ক্ৰমে হে লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত ।

উল্লেখ্য যে, বিশ্বকাপৰ সমাপ্তিৰ পূৰ্বেই ফিফাৰ ইনফেন্টিনো অৰ্থাৎ মুৰব্বীয়ে ঘোষণা কৰিছিল ক্লাব বিশ্বকাপৰ কথ‍া । ২০২৫ বৰ্ষৰ পৰা কাৰ্যকৰী কৰা হ'ব এই সিদ্ধান্ত । বৰ্তমান ৭ খন দেশক লৈ অনুষ্ঠিত হয় ক্লাব বিশ্বকাপ । ২০২৫ চনৰ পৰা এই বিশ্বকাপত অন্তৰ্ভুক্ত হ'ব ৩২ টা দল । এই প্ৰতিযোগিতা খন প্ৰতিবছৰৰ সলনি চাৰি বছৰৰ মূৰত আয়োজন কৰা হ'ব । অৱশ্যে ইউৰোপিয়ান ক্লাব সমূহে এই প্ৰস্তাৱ খাৰিজ কৰি দিয়া বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in