প্ৰাণৰ আলি আয়ে লৃগাং সমাগত

মাজুলীৰ বিভিন্ন গাঁৱত লৃগাংৰ প্ৰস্তুতি তুংগত
প্ৰাণৰ আলি আয়ে লৃগাং সমাগত

ডিজিটেল সংবাদ, মাজুলী : চেনেহৰ ফাগুন আকৌ আহিল। ফাগুন মানেই যেন ৰঙা ৰঙা শিমলু ফুলবোৰ ফুলি উঠে। এই ৰঙা শিমলু ফুলে হৃদয়ৰ ৰক্তাক্ততা বিৰিঙাই মাতে মন প্ৰাণ। পলাশ মদাৰৰ তেজৰঙী আভাই চৌদিশে এক নৱ চেতনাৰ উন্মেষ ঘটাইছে। গছৰ ডালে ডালে ন-কুঁ‌হিপাতৰ পৃথিৱীয়ে বুকুৰ মাজলৈ বাসন্তীৰ মৃদু অনুভৱ কঢ়িয়াই আনিছে। দূৰণিত থকা কুলিজনীৰো চাগৈ উথপ্‌থপ উথপ্‌থপ লাগিছে ফাগুন অহাৰ খবৰ পাই।

কেতিয়াকৈ আহি কেতিয়াকৈ আহো তাৰেই ভাৱনাত যঁ‌তৰৰ সুতাও চাগৈ ঘনে ঘনে চিগিছে সুন্দৰী গাভৰুৰ তাঁতৰ শালত। মিচিং গাভৰুৰ সোণসেৰীয়া হাতৰ পৰশত ইতিমধ্যে ভিন্ন ৰঙী এৰকক বোৰ, ৰিঃবি গাছেং, গাৰে, মিবু গালোক,মিচিং গালোক আদিবোৰে প্ৰাণ পালে। এতিয়া চাগৈ গুমৰাগ নাচিবৰ বাবে দুমপুন, লাকপুন সমান্তৰালভাৱে আটকধুনীয়া মুৰংঘৰ নিৰ্মাণ আদিও ন ৰূপত প্ৰাণ পাই উঠিছে। বাজি উঠিছে চৌদিশে ঢোলৰ গোমগোমনি শব্দ ঐনিঃতমৰ সুৰ আৰু গোমৰাগৰ প্ৰীতিভৰা নৃত্যৰে উখল মাখল হৈ পৰিছে মিচিং জনগোষ্ঠীয় অঞ্চলত।

তেনে এক সুমধুৰ ক্ষণৰ সাক্ষী হ'ব ফাগুনৰ প্ৰথম বুধবাৰ অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীত আহি আছে সকলোৰে অতি আপোনৰ আলি আঃয়ে লৃগাংৰ উৎসৱ। অসমৰ আদিমতম কৃষিভিত্তিক উৎসৱ হিচাপে পৰিগণিত হৈ আহিছে। এই কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং উলহ মালহেৰে উদযাপন কৰাৰ বাবে ইতিমধ্যে মাজুলীৰ লখিমী বৰপমুৱা,জেংৰাই চাপৰি,কুমাৰবাৰী,নামনি চেৰপাই, কাৰ্কিচুক, হাতীমূৰীয়া মিচিং,উজনি জকাইবোৱা, শালমৰী, কুলামুৱা চাপৰি আদিকে বিভিন্ন গাঁৱৰ শতাধিক স্হানৰ লগতে জেংৰাইমুখত কেন্দ্ৰীয় ভাৱে উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। মিচিং জনগোষ্ঠীৰ প্ৰাণৰ এই উৎসৱ সফল কৰি তোলাৰ বাবে "কাজে কাজে ৰেঙামা গৃলেনতকা, আৱৃকে দৃৰবৃ দৃৰলাবেম মচৃ চুলাইজে" আদিৰে আহ্বান জনাইছে মিচিং সচেতন ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in