ধিং আঠ গাঁও নিৱাসী ডিম্বেশ্বৰ কলিতাৰ বিয়োগ...

ধিং আঠ গাঁও নিৱাসী ডিম্বেশ্বৰ কলিতাৰ বিয়োগ...

author-image
Asomiya Pratidin
New Update
ধিং আঠ গাঁও নিৱাসী ডিম্বেশ্বৰ কলিতাৰ বিয়োগ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিং আঠ গাঁও নিৱাসী ডিম্বেশ্বৰ কলিতাৰ বৃহস্পতিবাৰে নিশা নিজ বাসগৃহত বিয়োগ হয়। বাবুল বুলি খ্যাত ডিম্বেশ্বৰ কলিতা বিগত কিছুবছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। আঠগাঁও ভটিখণ্ড নিৱাসী ৭৪ বছৰীয়া আদৰ্শবান কৃষক আৰু ক্ষুদ্ৰ ব্যবসায়ী কলিতাই সমাজৰ গায়ন বায়ন, নাম কীৰ্তন সকলো ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈ সেৱা আগবঢ়াইছিল।

Advertisment

সৰলমনৰ, সৰবৰহী, মৰমীয়াল ব্যক্তি জনৰ বিয়োগত অঞ্চলত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী দুই পুত্ৰ ক্ৰমে কংকন কলিতা, অংকুৰ কলিতা(বিশিষ্ট সমাজকৰ্মী), একমাত্ৰ জীয়ৰী পংখী কলিতা, বোৱাৰী সহ বহু আত্মীয় স্বজন, ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।

ধিং