চৰাইদেউ লাকুৱাত নিশা পিঞ্জৰাবদ্ধ নাহৰফুটুকী...

কেইবাদিনো ধৰি নাহৰফুটুকীটোৱে চলাই আহিছিল এক‌ আতংকময় পৰিৱেশ

author-image
Asomiya Pratidin
New Update
চৰাইদেউ লাকুৱাত নিশা পিঞ্জৰাবদ্ধ নাহৰফুটুকী...

চৰাইদেউ লাকুৱাত নিশা পিঞ্জৰাবদ্ধ নাহৰফুটুকী...

ডিজিটেল সংবাদ চৰাইদেউঃ লাকুৱা লাখমনিঘাট সমীপৰ দিহিঙ্গীয়া কোঁৱৰ গাঁৱত আজি এটা নাহৰফুটুকী পিঞ্জৰাৱদ্ধ হয়৷ দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলত এই নাহৰফুটুকীয়ে এক‌ আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল ৷

Advertisment

অঞ্চলটোৰ ৰাইজৰ বহু পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰা লগতে অনিষ্ট সাধন কৰি আহিছিল৷ অৱশেষত আজি বন বিভাগে অঞ্চলটোৰ ৰাইজৰ সহযোগত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰে ৷

নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতেই নাহৰফুটুকীটো চাবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ৷ ইতিমধ্যে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোক উদ্ধাৰ কৰি সোনাৰি নাফুকস্হিত কাৰ্যালয়লৈ লৈ আনে ৷

Also Read: সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসকে প্ৰহাৰ কৰিলে ৰোগীৰ আত্মীয়ক !

চৰাইদেউ