আজি শিলচৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক...

আজি শিলচৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক...

ডিজিটেল ডেস্ক : মঙলবাৰে পোন প্ৰথমবাৰৰ বাবে কাছাৰ জিলাত অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক । জিলাখনৰ শিলচৰ চহৰত অনুষ্ঠিত হ'ব এই কেবিনেট বৈঠক । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এক বিশেষ বিমানযোগে সোমবাৰে সন্ধিয়াই উপস্থিত হয় শিলচৰত । মুখ্যমন্ত্ৰীৰ সমান্তৰালকৈ কেবিনেট বৈঠকৰ বাবে আন মন্ত্ৰী সকলো ইতিমধ্যে শিলচৰত উপস্থিত হোৱা বুলি জানিবলৈ পৰা গৈছে ।

উল্লেখ্য যে, সোমবাৰে নিশা শিলচৰৰ আৱৰ্ত ভৱনত কটোৱাৰ পাছত মঙলবাৰে পুৱা ৰংগিৰখালৰ দেৱাল স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী গৰাকীয়ে । এই কাৰ্যসূচীৰ পাছত কাছাৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হ'ব কেবিনেট বৈঠক খন ।

ইয়াৰ ওপৰিও, কেবিনেট বৈঠকৰ পাছত দুলু চাহ বাগিছাত চাহ জনগোষ্ঠীয় লোক সকলক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানটো উপস্থিত থাকিব হিমন্ত বিশ্ব শৰ্মা ।

আনহাতে, কেবিনেট বৈঠকৰ বাবে জিলাখনত অসম আৰক্ষীৰ ট্ৰেফিক বিভাগে জাৰী কৰিছে নতুন নিয়মাৱলী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in