পুনৰ বিতৰ্কত আই পি এচ আনন্দ প্ৰকাশ তিৱাৰী...

পুনৰ বিতৰ্কত আই পি এচ আনন্দ প্ৰকাশ তিৱাৰী...

ডিজিটেল ডেস্ক : পুনৰ বিতৰ্কত আই পি এচ আনন্দ প্ৰকাশ তিৱাৰী । ব্যক্তিগত মুনাফা লাভৰ বাবে চৰকাৰী সম্পত্তি ব্যৱহাৰ কৰি বিতৰ্কৰ আৱৰ্তত শীৰ্ষ আৰক্ষী বিষয়া গৰাকী । এইবাৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ আৱাসগৃহক গো-ধন পালনৰ বাবে ব্যৱহাৰ কৰি বিতৰ্কৰ সৃষ্টি কৰিছে বিষয়া গৰাকীয়ে ।

অসম ৰাজ্যিক পৰিবহন নিগমৰ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতেই বিষয়া গৰাকীয়ে গুৱাহাটী মহানগৰীৰ ৰূপনগৰস্থিত এ এচ টি চিৰ ৱৰ্কশ্বপৰ আবাসগৃহ পশুপালনৰ বাবে ব্যৱহাৰ কৰিছিল আনন্দ প্ৰকাশ তিৱাৰীয়ে ।

বিষয়া গৰাকীয়ে অসমৰ পৰা বদলি হোৱাৰ পাছত মুনাফা লাভৰ বাবে চৰকাৰী সম্পত্তিত পালন কৰা গো-ধনক লৈ বিপাঙত পৰিছে পৰিবহন নিগমৰ কৰ্তৃপক্ষ । চৰকাৰী কৰ্মচাৰীৰ বাবে আবন্টিত আবাসগৃহ এতিয়া গো-ধন, গোবৰ আৰু দানাৰে কদৰ্য অৱস্থাত ।

উল্লেখ্য যে, আই পি এচ আনন্দ প্ৰকাশ তিৱাৰীৰ ওপৰত উত্থাপন হোৱা এইটোৱেই প্ৰথম অভিযোগ নহয় । ইয়াৰ পূৰ্বেও অসম ৰাজ্যিক পৰিবহন বিভাগৰ আন কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল বিষয়া গৰাকীৰ ওপৰত । কিন্তু আইনৰ আওতাত যেন নাহে এই সকল শীৰ্ষ বিষয়া ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in