কেবিনেট বৈঠক : যোৰহাটত ১৬৪ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব উৰণ সেতু

প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল ডেস্ক : জনতা ভৱনত শুকুৰবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ উন্নয়নৰ দিশত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত লোৱা সিদ্ধান্ত সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে।

কেবিনেট লোৱা সিদ্ধান্তসমূহ হ'ল :

  • ছেমি কণ্ডাক্টৰ প্রকল্প অসমত স্থাপন কৰাক লৈ কেন্দ্রীয় চৰকাৰক কেবিনেটৰ জৰিয়তে ধন্যবাদ জনায়।

  • ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এই প্রকল্প।

  • জাগীৰোডৰ কাগজ কলৰ ৫০০ বিঘা মাটিত নিৰ্মাণ হ’ব এই প্রকল্প।

  • এই প্রকল্পৰ জৰিয়তে পোনপটীয়াকৈ ১৫ হাজাৰ লোকে লাভ কৰিব নিয়োগ।

  • যোৰহাটৰ বৰুৱা চাৰিআলিত ১৬৪ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এখন উৰণ সেতু।

  • যোৰহাট বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈ হ’ব এই সেতু।

  • ৪৫৪৬ কোটি ৭৪ লাখ টকা নাবাৰ্ডৰ পৰা পুনৰ ঋণ লোৱাৰ অনুমোদন।

  • পঞ্চায়ত নিৰ্বাচন নোহোৱালৈক ADC,CO, BDOৰ জৰিয়তে পঞ্চায়তৰ কাম-কাজ চলাই নিয়াৰ সিদ্ধান্ত।

প্ৰতিনিধিত্বমূলক ফটো
ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকৰ ডায়েট যোৰহাটত ৰক্তদান কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in