/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/himanta.jpg)
বাল্য বিবাহৰ বলি হোৱা কিশোৰীক দিয়া হ'ব পুনৰ সংস্থাপন
ডিজিটেল ডেস্ক: অসম চৰকাৰে বাল্য বিবাহৰ বলি হোৱা কিশোৰী সকলক পুনৰ সংস্থাপনৰ দিহা কৰিব। বৃহস্পতিবাৰে কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সিদ্ধান্তৰ বিষয়ে জনায়।
তেওঁ কয় যে, আৰক্ষীক বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে বাল্য বিবাহৰ বলি হোৱা কিশোৰী সকলৰ পুনৰ সংস্থাপনৰ বিষয়টো অধ্যয়ন কৰিবলৈ এখন কমিটী গঠন কৰি দিয়া হৈছে।
শিক্ষামন্ত্ৰী ৰণোজ পেগু, বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰে গঠিত কমিটীখনে প্ৰতিবেদন দাখিল কৰাৰ পাছতেই গ্ৰহণ কৰা হ'ব যাৱতীয় পদক্ষেপ।
উল্লেখ্য যে, যোৱা কেইদিনমান ধৰি অসমত চলিছে বাল্য বিবাহবিৰোধী অভিযান। এই সন্দৰ্ভত অসমত ৪০০০ তকৈ অধিক গোচৰ ৰুজু হৈ আছে যদিও এই পৰ্যন্ত ২০০০ তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰু পঢ়ক: ভয়াবহ ভৱিষ্যতৰ ইংগিত! ৰাজ্যত বৰষুণৰ পৰিমাণ হ্ৰাস ৭৬ শতাংশ