নিৰ্বাচনৰ প্ৰাকক্ষণত অৰুণাচলী সুৰাৰ বিৰুদ্ধে ইটাখোলা আৰক্ষীৰ তীব্ৰ অভিযান

নিৰ্বাচনৰ প্ৰাকক্ষণত অৰুণাচলী সুৰাৰ বিৰুদ্ধে ইটাখোলা আৰক্ষীৰ তীব্ৰ অভিযান

ডিজিটেল সংবাদ,জামুগুৰিহাট : নিৰ্বাচনৰ প্ৰাকক্ষনত অৰুণাচলী সুৰাৰ বিৰুদ্ধে ইটাখোলা আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ এই অভিযানত ৫৯ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ কৰে।

জানিব পৰামতে ইটাখোলা আৰক্ষীয়ে অসম-অৰুণাচল সীমান্তৰ মইনাপুৰৰ পৰা সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ চতিয়া আৰক্ষী থানাৰ অধীনৰ ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি অৰুণাচলী সুৰা কঢ়িয়াই অনা AS-12- E -9770 নম্বৰৰ টাটা এছি গাড়ীখনো জব্দ কৰে ৷

উল্লেখ্য যে, আৰক্ষীক দেখি পথৰ ওপৰতে ৫৯ কাৰ্টুন অবৈধ অৰুণাচলী সুৰাভৰ্ত্তি বাহনখন এৰি চালকজনে পলায়ন কৰিছিল। ধৃত চালকজনৰ সন্ধানত ইটাখোলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

নিৰ্বাচনৰ প্ৰাকক্ষণত অৰুণাচলী সুৰাৰ বিৰুদ্ধে ইটাখোলা আৰক্ষীৰ তীব্ৰ অভিযান
নিজকে হিন্দু বুলি পৰিচয় দি ৩ বছৰ প্ৰেম! যুৱতীৰ পৰা ১২ লাখ লুটি হামিদুল উধাও

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in