আজি কা সন্দৰ্ভত শুনানি, দিল্লীত উপস্থিত আছুকে ধৰি আন সংগঠনৰ নেতা...

আজি কা সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত

author-image
Asomiya Pratidin
New Update
আজি কা সন্দৰ্ভত শুনানি, দিল্লীত উপস্থিত আছুকে ধৰি আন সংগঠনৰ নেতা...

caa

ডিজিটেল ডেস্ক : আজি কা সন্দৰ্ভত শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ত। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠত হ’ব এই শুনানি। বিচাৰপীঠৰ আন দুই ন্যায়াধীশ হৈছে পি এছ নৰসিংহা আৰু জে বি পাৰ্ডিৱালা। উল্লেখ্য যে কা সন্দৰ্ভত অসম সন্মিলীত মহাসংঘই প্ৰথমে দাখিল কৰিছিল লেখ আবেদন।

২৮ সংগঠনক সহযোগী গোচৰীয়া হিচাপে লৈছিল মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে। কাৰ বিৰোধিতাৰে ২৩২ খন লেখ আবেদন দাখিল হৈ আছে উচ্চতম ন্যায়ালয়ত। আছু, যুৱ ছাত্ৰ পৰিষদকে ধৰি আন সংগঠনেও দাখিল কৰিছিল লেখ আবেদন।

ইতিমধ্যে দিল্লীত উপস্থিত হৈছে আছু, যুৱ ছাত্ৰ পৰিষদ আৰু আন সংগঠনৰ নেতাসকল। উল্লেখ্য় যে এই শুনানিৰ বাবে সোমবাৰেই নতুন দিল্লীত উপস্থিত হৈছে কেইবাটাও সংগঠনৰ নেতা।

আৰু পঢ়ক :ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সৈতে জড়িত এজনক মৰিগাঁৱৰ পৰা আটক...

caa delhi caa protest aasu