ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সৈতে জড়িত এজনক মৰিগাঁৱৰ পৰা আটক...

মহানগৰীৰ পাঞ্জাবাৰী হত্যাকাণ্ডৰ এজন অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সৈতে জড়িত এজনক মৰিগাঁৱৰ পৰা আটক...

ranjit bora

ডিজিটেল ডেস্ক : মহানগৰীৰ পাঞ্জাবাৰী হত্যাকাণ্ডৰ সৈতে জড়িত এজন অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে বেংকত টকা জমা কৰিবলৈ যোৱা পূৰবী ডিয়েৰীৰ ডিষ্টিবিউটৰ ৰঞ্জিত বৰাক দিন দুপৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। হত্যা কৰি টকাৰ বেগ লৈ উধাও হৈছিল দুৰ্বৃত্ত।

Advertisment

উল্লেখ্য যে এই হত্যাকাণ্ড সংঘটিত হোৱা প্ৰায় ১৪ দিনৰ পাছত আৰক্ষীয়ে আটক কৰিছে এজন লোকক। মৰিগাঁৱৰ বৰিগাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰিছে আমিৰ আলী নামৰ এজন অভিযুক্তক। ধৃত আমিৰ আলীৰ ঘৰ পাঞ্জাবাৰীত। মৰিগাঁৱৰ শহুৰেকৰ ঘৰত আত্মগোপন কৰি আছিল আমিৰ আলীয়ে।

মৰিগাঁও আৰক্ষীয়ে আমিৰ আলীক গ্রেপ্তাৰ কৰি গতাই দিয়ে মহানগৰ আৰক্ষীক। নিশাই দিছপুৰ আৰক্ষীয়ে জিম্মাত লয় আমিৰক। ঘটনা সন্দৰ্ভত মাৰাথন জেৰা অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে।

আৰু পঢ়ক : খুমটাইৰ গোসাঁইচাপৰিত গঁড়ৰ মুক্ত বিচৰণ, আতংকিত গঞা...

assam PANJABARI guwahati murder case