বি ভি এফ চি এলত চাকৰি…

বি ভি এফ চি এলত চাকৰি…

author-image
asomiyapratidin
New Update
বি ভি এফ চি এলত চাকৰি…

ডিজিটেল সংবাদ,  নামৰূপ –   কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পৰেচন লিমিটেডে এক দীঘলীয়া সময়ৰ পিচত চাকৰিৰ বাবে  এক স্বচ্ছ আৰু কঠোৰ অনুশাসনৰ মাজেৰে সফলতাৰে  লিখিত পৰীক্ষা  অনুষ্ঠিত কৰিবলৈ সক্ষম হয়।   উদ্যোগটোত তৃতীয় চতুৰ্থ  শ্ৰেণীৰ  পদৰ বাবে  যোৱা বছৰ  জুন মাহত বিজ্ঞাপন যোগে  খালী পদ পূৰণৰ  বাবে  বিজ্ঞাপন দিয়া হৈছিল।

Advertisment

বইলাৰ এটেনডেন্ট , হে্ল্পাৰ ,   অপাৰেচন / মেইনটেনেঞ্চ ,টেকনিছিয়ান  ট্ৰেইনীক লৈ ৩৫ টা পদৰ  বাবে আজি দুপৰীয়া  লিখিত পৰীক্ষা অনুষ্ঠিত হয় বি ভি এফ চি এল উচ্চতৰ মাধ্যমিক  বিদ্যালয়ত।  উক্ত বিভিন্ন বিভাগৰ ৩৫ টা পদ  বিপৰীতে ২৮৯ জন   আবেদনকাৰীয়ে পৰীক্ষাত অৱৰ্তীৰণ হয়। চাকৰিৰ পৰীক্ষা পতা  ক্ষেত্ৰত থকা  পূৰ্বৰ  অপবাদ মোচন কৰি এইবাৰ বি ভি এফ চি এলে অতি কঠোৰ অনুশাসনৰ মাজেৰে  স্বচ্ছতাৰে  পৰীক্ষা সম্পন্ন কৰিবলৈ সক্ষম হয়। 

এই সন্দৰ্ভত উদ্যোগটোৰ প্ৰশাসনিক বিষয়া    তথা মুখ্য ট্ৰেইনী  বিষয়া পংকজ গগৈয়ে কয় যে এইবাৰ  লিখিত পৰীক্ষা  স্বচ্ছতাৰে  অনুষ্ঠিত কৰিবলৈ  অতি  কঠোৰ  ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰতিটো কোঠাতে মুঠ দহ টা  চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে।  লগতে স্থানীয় প্ৰশাসন ,  কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা ৰক্ষী  মোটায়েন কৰি কটকটীয়া  পৰিবেশৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে বুলি মন্তব্য কৰে। 

উল্লেখযোগ্য যে আবেদনকাৰীৰ তালিকা প্ৰকাশৰ পিছতেই  লিখিত পৰীক্ষা যাতে কঠোৰ অনুশাসনৰ মাজেৰে হয়  এই বিষয়ে  সকলো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ  স্থানীয় বিধায়ক তৰংগ গগৈয়ে উদ্যোগ কৰ্তৃপক্ষক  সকীয়নী প্ৰদান কৰিছিল । যোৱা বছৰ অক্টোবৰ মাহত বি ভি এফ চি এলৰ চি এম ডি ৰ দায়িত্ব লোৱা ডঃ শিৱ প্ৰসাদ মহান্তিয়ে  এই সন্দৰ্ভত কয় যে  সম্ভাৱনা সম্পন্ন সাৰ উদ্যোগটোৰ প্ৰতিভা সম্পন্ন দক্ষ   কৰ্মীয়ে যাতে   উদ্যোগটোত নিযুক্তি পাওক।  আনহাতে আজি  স্বচ্ছতাৰে লিখিত পৰীক্ষা  সম্পন্ন  কৰিব পৰাটো  উদ্যোগ কৰ্তৃপক্ষৰ এক  সফলতা  বুলি উল্লেখ কৰে।

আৰু পঢ়ক: সঁচা নেকি ছাৰ? আপোনাৰ পি এইচ ডি ভুৱা…

assam namrup