সঁচা নেকি ছাৰ? আপোনাৰ পি এইচ ডি ভুৱা…

সঁচা নেকি ছাৰ? আপোনাৰ পি এইচ ডি ভুৱা…

মৃদুল কুমাৰ সন্দিকৈ

দীৰ্ঘদিন ধৰি এই অভিযোগ উঠি আহিছিল। ৰাজ্যৰ বহু মহাবিদ্যালয়ত কৰ্মৰত একাংশ কলেজ শিক্ষক-শিক্ষয়িত্ৰীৰ ডক্টৰেট ডিগ্ৰী ভুৱা। অস্তিত্বহীন শিক্ষানুষ্ঠানৰ পৰা ধনৰ বিনিময়ত ডক্টৰেট ডিগ্ৰী পিছ দুৱাৰেদি ক্ৰয় কৰিছে তেওঁলোকে।

পি এইচ ডি দিয়াৰ নামত কোটি কোটি টকাৰ লেন দেন চলে ভিতৰুৱাকৈ। আগৰ দৰে পি এইচ ডি এতিয়া সন্মানজনক হৈ থকা নাই নেকি ? ইচ্ছা কৰিলে কষ্ট অৱিহনে, গৱেষণালব্ধ অধ্যয়ন নোহোৱাকৈ যিকোনো লোকে ধন থাকিলেই নামৰ আগত ডক্টৰেট লিখি সমগ্ৰ ব্যৱস্থাপনাতোকেই এক সন্দেহৰ মাজলৈ ঠেলি দিলে।

শেহতীয়াকৈ উচ্চ শিক্ষাৰ সঞ্চালকালয়ৰ এক নিৰ্দেশনা যোগে তেনে ৭০ জন ডক্টৰেট ডিগ্ৰীধাৰী কলেজ শিক্ষকলৈ চমন জাৰি কৰিলে। উচ্চ শিক্ষা সঞ্চালক ধৰ্মকান্ত মিলিয়ে জাননী নম্বৰ AHE.381/2121/6 যোগে এখন কমিটি গঠন কৰিছিল।

এই কমিটিৰ জৰিয়তে অভিযোগ উত্থাপিত হোৱা ৭০ জন শিক্ষকৰ পিএইচডিক লৈ সন্দেহ ব্যক্ত কৰি তেওঁলোকৰ ডক্টৰেট ডিগ্ৰী সঁচা নে মিছা সেয়া সেই কমিটিৰ দ্বাৰা পৰীক্ষা কৰিবলৈ এই চমন প্ৰেৰণ কৰিছে। ১৯-০৭-২০২২ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপচাৰ্য অলক কুমাৰ বৰগোঁহাইৰ অধ্যক্ষতাত গঠিত কমিটিয়ে ৭০ জন শিক্ষকক উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে।

পুৱা ভাগত ৩৫ জন আৰু বিয়লি ভাগত ৩৫ জন শিক্ষকৰ ডক্টৰেট ডিগ্ৰী পৰীক্ষা কৰিব। স্কেনিং কমিটিৰ সন্মুখলৈ যাঁওতে তেওঁলোকক ১০ খন উল্লেখযোগ্য নথি লৈ যাবলৈ কৈ কোৱা হৈছে। সেই নথি সমূহ হ'ল- জন্মৰ প্ৰমাণ পত্ৰ, মেট্ৰিকৰ পৰা উত্তীৰ্ণ হোৱা সকলো পৰীক্ষাৰ প্ৰমাণ পত্ৰ আৰু নম্বৰৰ তালিকা,চাকৰিত যোগদান কৰাৰ পত্ৰ, ডক্টৰেট ডিগ্ৰীৰ নটিফিকেশ্যন আৰু পত্ৰ, পি এইচ ডি পঞ্জীয়নৰ প্ৰমাণ, কোৰ্চ ৱাৰ্ক চাৰ্টিফিকেট, থেচিচ আৰু পি এইচ ডিৰ সৈতে জড়িত প্ৰকাশিত পাব্লিকেচন,মাইগ্ৰেশ্যন চাৰ্টিফিকেট, এন অ চি, জাতিগত প্ৰমাণ পত্ৰ আদি।

উচ্চ শিক্ষা সঞ্চালকালয় প্ৰকাশ কৰা তালিকাত উল্লেখ থকা কলেজ শিক্ষক সকল ক্ৰমে- দিলৱাল হুচেইন তালুকদাৰ (নীলম বজাৰ কলেজ, বুৰঞ্জী), শিখাৰাণী কলিতা( এছ ডি এম এছ কলেজ, প্ৰাণীবিদ্যা), ইউচুফ হুচেইন( চমৰীয়া আঞ্চলিক কলেজ, বুৰঞ্জী), মৈত্ৰী চক্ৰৱৰ্তী(বিলাসীপাৰা কলেজ,প্ৰাণীবিদ্যা), বীনু দৈমাৰী(ওদালগুৰি কলে, উদ্ভিদ বিদ্যা),চিৰাজুল হক (স্বহীদ স্মৃতি মহাবিদ্যালয়, ইংৰাজী),নুৰুল হুচেইন (এয়াৰ কলেজ, ইংৰাজী), চাহিদুল ইছলাম খান(এয়াৰ কলেজ, ৰাজনীতি বিজ্ঞান), মজিবুৰ ৰহমান (এয়াৰ কলেজ,অৰ্থনীতি), নুৰ মহম্মদ(এয়াৰ কলেজ, দৰ্শন শাস্ত্ৰ), মহম্মদ নুৰুল হুচেইন (এয়াৰ কলেজ, ইংৰাজী), উতপল দাস (আগিয়া কলেজ, টিউটৰ প্ৰঞ্চিপাল), বিষ্ণুৰাম দাস (বি চি মেধী কলেজ, গণিত), চাকেৰা খাতুন( বিএইচ কলেজ, গণিত), চম্পক কুমাৰ শৰ্মা (বামুন্দী মহাবিদ্যালয়, টিউটৰ প্ৰঞ্চিপাল), হেমেন পাটিৰ (ব্ৰহ্মপুত্ৰ ডিগ্ৰী কলে, ৰাজনীতি বিজ্ঞান), স্বপন কুমাৰ কলিতা(চতিয়া কলেজ, টিউটৰ প্ৰঞ্চিপাল).মনোজ কুমাৰ শৰ্মা (ডিমৰীয়া ডিগ্ৰী কলেজ, দৰ্শন শাস্ত্ৰ), যোগেন্দ্ৰ গোঁহাই (ধেমাজী গাৰ্লচ কলেজ, ছচিয়লজী), জাকিৰ হুচেইন(হৰেন্দ্ৰ চিত্ৰা কলেজ, টিউটৰ প্ৰঞ্চিপাল), গুণজিত পাঠক(জ্ঞানপীঠ ডিগ্ৰী কলেজ,টিউটৰ প্ৰিঞ্চিপাল), অপূৰ্ব কুমাৰ ৰয় (হালাকৰা কলেজ, ইংৰাজী)আদি।

একেখন মহাবিদ্যালয়ৰে ৫ জনকৈ অধ্যাপকৰ বিৰুদ্ধে তেওঁলোকৰ পি এইচ ডি ডিগ্ৰীক লৈ অভিযোগ উত্থাপন হৈছে। ধুবুৰী এয়াল কলেজৰ ইংৰাজী, ৰাজনীতি বিজ্ঞান , অৰ্থনীতি, দৰ্শন শাস্ত্ৰৰ অধ্যাপক ৰূপে তেওঁলোক কৰ্মৰত।

এইধৰণে কলেজ শিক্ষকৰ পি এইচ ডি ডিগ্ৰীক লৈ সৃষ্টি হোৱা সন্দেহৰ অৱকাশে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বেও কলেজ শিক্ষকৰ নথি পুনৰীক্ষণ কৰিছিল এইখন স্কেনিং কমিটিয়ে। ভুৱা পি এইচ ডি ডিগ্ৰী লৈ তেওঁলোকে বিদ্যালয়ত পাঠদান কৰিছিল।

ইতিমধ্যে শিক্ষা মন্ত্ৰীয়ে ঘোষণা কৰিছে যে তেওঁলোকৰ পি এইচ ডি ডিগ্ৰী ভুৱা প্ৰমাণ হ'লে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। ৪২ খন মহাবিদ্যালয়ৰ ৭০জন শিক্ষকক লৈ সৃষ্টি হোৱা এনে অভিযোগে সঁচা অৰ্থত শিক্ষাক এক ব্ৰত হিচাপে লৈ অধ্যাপনা কৰা লোক সকলকো মানসিকভাৱে আঘাত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in