বাক্সাত নতুন বাছ সেৱা মুকলি

বাক্সাত নতুন বাছ সেৱা মুকলি

ডিজিটেল সংবাদ, বাক্সাঃ ৰাইমনা এক্সপ্ৰেছে বাক্সা জিলাৰ ভিতৰুৱা অঞ্চলৰ যাত্ৰীৰ বাবে আনিছে সুখৰ বতৰা । এতিয়াৰে পৰা দূৰৈৰ পথেৰে এপাক ঘূৰি আহিব নালাগে মুছলপুৰলৈ। অথবা মুছলপুৰৰ যাত্ৰীয়ে দূৰৈৰ পথেৰে যাব নালাগে মানাহ, চুক্ৰুংবাৰীলৈ ।

বাক্সা ভিতৰুৱা অঞ্চলৰ মাজেৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে বাছ সেৱা । আজি বাক্সা জিলাৰ মুছলপুৰত এই বাছ সেৱা আনুষ্ঠানিক ভাৱে মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে । তেওঁ যাত্ৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব বুলি মন্তব্য কৰি আৰ্থিকভাৱেও যাত্ৰী সকল লাভান্বিত হ'ব বুলি উল্লেখ কৰে ।

ইফালে ৰাইমনা এক্সপ্ৰেছৰ মালিক কৰ্তৃপক্ষই সৰ্বসাধাৰণৰ সুবিধাৰ্থে এই বাছ সেৱা মুকলি কৰা হ'ল বুলি উল্লেখ কৰি বাছখন পুৱা ৬:৩০ বজাত চুক্ৰুংবাৰীত যাত্ৰা আৰম্ভ কৰি ১০ বজাত মুছলপুৰ পাব আৰু ২:৩০ বজাত মুছলপুৰৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে । লগতে যাত্ৰীসকলৰ সুবিধাৰ্থে ৬০০০৭২৮৬১৫ নম্বৰটো প্ৰযোজ্য হ'ব বুলিও উল্লেখ কৰে মালিক কৰ্তৃপক্ষই ।

বাক্সাত নতুন বাছ সেৱা মুকলি
গ্ৰাহকৰ সমস্যা সমাধানত ব্যৰ্থ নামৰূপ ইউকো বেংক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in