গ্ৰাহকৰ সমস্যা সমাধানত ব্যৰ্থ নামৰূপ ইউকো বেংক...

শীঘ্ৰে পৰিচালক নিযুক্তিৰ দাবী গ্ৰাহকসকলৰ...
গ্ৰাহকৰ সমস্যা সমাধানত ব্যৰ্থ নামৰূপ ইউকো বেংক...
গ্ৰাহকৰ সমস্যা সমাধানত ব্যৰ্থ নামৰূপ ইউকো বেংক...

ডিজিটেল সংবাদ নামৰূপঃ নামৰূপস্থিত ইউ কো বেংকে বিভিন্ন সময়ত গ্ৰাহকৰ প্ৰতি দায়বদ্ধ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। গুৰুত্বপূৰ্ণ যে, উদ্যোগ নগৰী নামৰূপত এটা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সাৰ উদ্যোগ আৰু অসম চৰকাৰৰ অধীনস্থ অসম পেট্ৰো কেমিকেলছ লিমিটেড আৰু নামৰূপ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ দৰে তিনিটা বৃহৎ উদ্যোগ থকা স্বত্বেও চহৰখনত মাত্ৰ তিনিটা চৰকাৰী বেংক থকাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বেংক নামৰূপত নাই।

সেয়ে সমগ্ৰ নামৰূপ অঞ্চলৰ গ্ৰাহকসকল এই তিনিটা বেংকৰ ওপৰতে নিৰ্ভৰশীল। কিন্তু ইয়াৰ ভিতৰত নামৰূপ ইউকো বেংক গ্ৰাহকসকলক বিভিন্ন সময়ত উপেক্ষা কৰাৰ লগতে গ্ৰাহকসকলৰ প্ৰতি দায়বদ্ধ নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে।

লক্ষণীয় যে বেংকটোত প্ৰায় ছয় মাহ ধৰি মেনেজাৰ নাই। পূৰ্বৰ মেনেজাৰগৰাকী বদলি হোৱাৰ পিছত নতুনকৈ মেনেজাৰ নিযুক্ত নকৰাৰ বাবে গ্ৰাহকসকল অধিক অসুবিধাত পৰিছে। ইয়াৰ উপৰি বেংকৰসহ পৰিচালকগৰাকীও ছুটীত থকাৰ ফলত গ্ৰাহকসকলৰ সাধাৰণ সমস্যা এটাও বেংক কৰ্তৃপক্ষই সমাধা কৰি দিব নোৱাৰি গ্ৰাহকক ঘূৰাই পঠাই।

ইফালে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে সাধাৰণ ৰাইজৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি চৰকাৰী বেংকসমূহৰ মাধ্যমেৰে ৰাইজৰ মাজলৈ লৈ যাবলৈ অহৰহ চেষ্টা কৰিছে। কিন্তু ইউক বেংক কৰ্তৃপক্ষই উক্ত হিতাধিকাৰীসকলক আঁচনিসমূহৰ সুবিধা নিদি বিভিন্ন অজুহাত দেখুৱাই বাৰে বাৰে গ্ৰাহকক ঘূৰাই পঠাই অথবা বাৰে বাৰে বেংকলৈ আহিবলৈ বাধ্য কৰাইছে।

এনে প্ৰেক্ষাপটত সংশ্লিষ্ট বিভাগে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ বিহীত ব্যবস্থা গ্ৰহণৰ দাবী উত্থাপিত কৰিছে গ্ৰাহকসকলে। লগতে শীঘ্ৰে পৰিচালক নিযুক্তি দিবলৈও দাবী উত্থাপিত কৰিছে।

গ্ৰাহকৰ সমস্যা সমাধানত ব্যৰ্থ নামৰূপ ইউকো বেংক...
সাম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ বাবে বিজেপিৰ কমিটী গঠনঃ বাদ দিলে ২ টা সমষ্টিক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in