লামডিঙত বাৰ্মিজ চুপাৰী সহ আটক ৩ মহিলা...

ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ কলা ব্যৱসায় ৷ ৰেল আৰক্ষীৰ চকু সন্মুখেৰে এতিয়া দিনে নিশাই ভাৰতীয় ৰেলৰ জড়িয়তে সৰবৰাহ হৈ আছে নিসিদ্ধ বাৰ্মিজ চুপাৰী ৷

author-image
Asomiya Pratidin
New Update
লামডিঙত বাৰ্মিজ চুপাৰী সহ আটক ৩ মহিলা...

ডিজিটেল সংবাদ ,লামডিং:- ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ কলা ব্যৱসায় ৷ ৰেল আৰক্ষীৰ চকু সন্মুখেৰে এতিয়া দিনে নিশাই ভাৰতীয় ৰেলৰ জড়িয়তে সৰবৰাহ হৈ আছে নিসিদ্ধ বাৰ্মিজ চুপাৰী ৷

Advertisment

এইবাৰ সৰবৰাহকাৰীয়ে মহিলাৰ দ্বাৰা নতুন কৌশলৰে বহি:ৰাজ্যলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছে ৷ পুনৰ লামডিং ৰেলৱে জংচনত বৃহস্পতিবাৰে সন্ধিয়া ৰেল আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰে ৷ কাৰ্বি আংলং জিলাৰ ডিফু আৰক্ষীৰ সহযোগত লামডিং ৰেল আৰক্ষীয়ে অভিযান চলাই চুপাৰীখিনি জব্দ কৰে ৷

১৫৯০৯ নামনিমুৱা নিউ তিনিচুকীয়া লালগড় অৱধ আচাম এক্সপ্ৰেছ ৰেলৰ পৰা আৰক্ষীয়ে চুপাৰী খিনি জব্দ কৰাৰ লগতে তিনিগৰাকী মহিলাক আটক কৰিছে।ৰেলখনৰ সাধাৰণ শ্ৰেণীৰ ডবাৰ ৩৩টা বস্তাত ভৰাই আনিছিল চুপাৰীখিনি।জব্দকৃত চুপাৰীখিনিৰ ওজন ১০৫০ কেজি।

আটকাধীন মহিলা কেইগৰাকী হৈছে- নিউ জলপাইগুৰীৰ পূৰ্ণিমা পাল, চেহজেদা খাতুন আৰু সুব্ৰা খাতুন ৷জানিব পৰামতে চুপাৰীখিনি ডিমাপুৰৰ পৰা নিউ জলপাইগুৰীলৈ সৰবৰাহ কৰিব বিচাৰিছিল। জব্দ কৰা চুপাৰীখিনিৰ বজাৰ মূল্য প্ৰায় ৬ লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে ৷ উল্লেখ যে যিমানে ৰেল আৰক্ষী লগতে আৰ পি এফ তৎপৰ হৈছে সিমানেই সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা অবৈধভাৱে ৰেলত সৰবৰাহ কৰাবলৈ সক্ষম হৈছে ৷

আৰু পঢ়ক: 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ বাতৰিৰ পাছতেই চিৰাঙৰ চিকিৎসালয়ত চলি থকা অৰাজকতা সন্দৰ্ভত বৈঠক

lumding assam burmese supari