মাজুলীত মৃত গৰু পোৱালি ভক্ষণ কৰি অসুস্থ হোৱা ৭ টা শগুনক কাজিৰঙাত চিকিৎসা...

মাজুলীত মৃত গৰু পোৱালি ভক্ষণ কৰি অসুস্থ হোৱা ৭ টা শগুনক কাজিৰঙাত চিকিৎসা...
মাজুলীত মৃত গৰু পোৱালি ভক্ষণ কৰি অসুস্থ হোৱা ৭ টা শগুনক কাজিৰঙাত চিকিৎসা...

ডিজিটেল সংবাদ কাজিৰঙা: মাজুলীৰ বোকাবিল পথাৰত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰা শগুনক চিকিৎসাৰ বাবে অনা হৈছে কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ। মঙ্গলবাৰে বোকা বিল পথাৰত এটা মৃত গৰু পোৱালি ভক্ষণ কৰি কেইবাটাও শগুন মৃত্যুমুখত পৰাৰ লগতে অসুস্থ হৈ পৰিছিল ৭ টা শগুন।

বুধবাৰে পুৱা কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক চামচুল আলিৰ নেতৃত্বত যোৱা এটা চিকিৎসকৰ দলে ৭ টা শগুন উদ্ধাৰ কৰি আনে কাজিৰঙাৰ CWRC কেন্দ্ৰলৈ।

কেন্দ্ৰটোত চিকিৎসা প্ৰদান কৰা হৈছে শগুন কেইটাক। চিকিৎসক চামচুল অলিয়ে জনোৱা মতে এটা শগুণ বৰ্তমান ক'মাত থকাৰ বিপৰীতে অনা ছটা শগুণে বিহ ঢলা শগুন ভক্ষণ কৰাৰ বাবে দুৰ্বল হৈ পৰিছে।

শগুন কেইটাক সুস্থ কৰি তুলিবলৈ প্ৰায় দহ দিনৰ সময় লাগিব বুলি জনাই চিকিৎসক গৰাকীয়ে।চিকিৎসাধীন শগুন কেইটা সুস্থ হৈ উঠাৰ সম্ভাৱনা ব্যক্ত কৰিছে চিকিৎসক গৰাকীয়ে ৷

মাজুলীত মৃত গৰু পোৱালি ভক্ষণ কৰি অসুস্থ হোৱা ৭ টা শগুনক কাজিৰঙাত চিকিৎসা...
কাজিৰঙাৰ চম্পা আৰু বনমালা যাব ত্ৰিপুৰালৈঃ বশ কৰিব বন্যহস্তী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in