ঐতিহ্যমণ্ডিত ঠেকেৰাগুৰি বাসুদেৱ থানত চুৰিকাণ্ড

ঐতিহ্যমণ্ডিত ঠেকেৰাগুৰি বাসুদেৱ থানত চুৰিকাণ্ড

author-image
Asomiya Pratidin
New Update
ঐতিহ্যমণ্ডিত ঠেকেৰাগুৰি বাসুদেৱ থানত চুৰিকাণ্ড

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ পুনৰ জামুগুৰিহাটত চুৰিকাণ্ড ৷ শনিবাৰৰ ডকাইতিৰ ঘটনাৰ ঢৌ মাৰ নৌযাঁওতেই দেওবাৰে পুনৰ সংঘটিত হয় চুৰিকাণ্ড ৷

Advertisment

জানিব পৰা মতে, দেওবাৰে সন্ধ্যা ঐতিহ্যমণ্ডিত ঠেকেৰাগুৰি বাসুদেৱ থানত সংঘটিত হয় এই চুৰিকাণ্ডটো ৷ চোৰে থানখনৰ দানপাত্ৰ ভাঙি ধনৰ লগতে লুটি নিয়ে বহু মূল্যবান সামগ্ৰী ৷

প্ৰায়েই সংঘটিত হোৱা চুৰি আৰু ডকাইতিৰ ঘটনাই চিন্তিত কৰি তুলিছে অঞ্চলবাসীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷

উল্লেখ্য যে, পূৰ্বেও উক্ত থানখনত চোৰে লুট-পাত চলাই বহু মূল্যৱান সামগ্ৰী লুটি লৈ গৈছিল।

Also Read: গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচন LIVE UPDATE:
ফলাফল ঘোষণা...

Assam police crime