মথুৰাপুৰৰ ধৰ্মপ্ৰাণ মহিলা অণু বৰঠাকুৰৰ বিয়োগ

মথুৰাপুৰৰ ধৰ্মপ্ৰাণ মহিলা অণু বৰঠাকুৰৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰৰ ধৰ্মপ্ৰাণ মহিলা অণু বৰঠাকুৰৰ বিয়োগ

ডিজিটেল সংবাদ,মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰৰ নিবাসী,ধৰ্মপ্ৰাণা মহিলা অণু বৰঠাকুৰ আৰু নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছেল ৯২ বছৰ। সকলোকে শোকৰ সাগৰত পেলাই সোমবাৰে নিশা প্ৰায় ১০-০০ বজাত অণু বৰঠাকুৰে শেষ নিশ্বাস ত্যাগ কৰে।

সকলোৰে প্ৰিয়ভাজন,অতিথিপৰায়ণ আৰু এগৰাকী সৰল মনৰ মহিলা হিচাপে সুপৰিচিত আছিল প্ৰয়াত বৰঠাকুৰ। তেওঁৰ মৃত্যুত সমগ্ৰ মথুৰাপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যু সময়ত তেওঁ ৪জনকৈ পুত্ৰ-বোৱাৰীসহ নাতি- নাতিনী ইহসংসাৰ এৰি থৈ যায় ৷

Also Read: জামুগুৰিহাটৰ জীয়ৰীৰ শিৰত জিলিকিল মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩ খিতাপ

charaideo mathurapur