বাক্সাৰ অদালবাৰীত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

বাক্সাৰ অদালবাৰীত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

ডিজিটেল সংবাদ, বাক্সাঃ সন্মুখত লোকসভা নিৰ্বাচন । প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ । পিছপৰি থকা নাই প্ৰমোদ বড়োৰ ইউপিপিএল দল। ইখনৰ পাছত সিখন কৰ্মীসভা অনুষ্ঠিত কৰি দলীয় কৰ্মীসকলক সষ্টম কৰিছে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ।

বুধবাৰে বাক্সা জিলাৰ অদালবাৰীত কৰ্মীসভাত অংশ লোৱাৰ পাছতে সাংবাদিকৰ আগত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে দৰং-ওদালগুৰি লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ বিৰুদ্ধে থিয় দি এ.আই.ইউ.ডি.এফে বিপিএফক সমৰ্থন কৰিলেও দৰং-ওদালগুৰীত ক্ষতি নহয় দিলীপ শইকীয়াৰ ।

লগতে তেওঁ কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিতো জয়ন্ত বসুমতাৰীৰ বিজয় নিশ্চিত । নিৰ্বাচনটো পৰীক্ষা বুলি ধৰিলে ইউপিপিএলে ১০০ নম্বৰ পালে বিপিএফে পাব ৩০ নম্বৰহে। দুবাৰকৈ সাংসদ হোৱা নৱ কুমাৰ শৰণীয়া সন্দৰ্ভত তেওঁ কয় যে, এতিয়া আৰু বড়ো-অবড়ো নাটক কৰি লাভ নাই । সেই নাটকত ভোল নাযায় বিটিআৰৰ ৰাইজ ।

বাক্সাৰ অদালবাৰীত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো
পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিলে সাংসদ আব্দুল খালেকে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in