ঠাই ভ্ৰমণৰ বাবে বি টি আৰৰ সাংবাদিক নিৰ্বাচিত

ঠাই ভ্ৰমণৰ বাবে বি টি আৰৰ সাংবাদিক নিৰ্বাচিত

author-image
Asomiya Pratidin
New Update
ঠাই ভ্ৰমণৰ বাবে বি টি আৰৰ সাংবাদিক নিৰ্বাচিত

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ বি টি চি চৰকাৰে বি টি আৰৰ বাসিন্দা আৰু জনসংযোগ কাৰ্ড প্ৰাপ্ত সাংবাদিকসকলক প্ৰতি বছৰে ভ্ৰমণ কৰাৰ সুবিধা প্ৰদান কৰি আহিছে ৷ এই বৰ্ষত বিটিচি চৰকাৰে ত্ৰিপুৰা আৰু নাগালেণ্ড ৰাজ্যৰ বিশেষ ঠাই ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছে।

Advertisment

এই ভ্ৰমণত যোৱাৰ বাবে বিটিচি চৰকাৰে বড়োলেণ্ড সাংবাদিক সন্থাক দায়িত্ব দিয়ে । বড়োলেণ্ড সাংবাদিক সন্থাই জিলা সমিতিৰ জৰিয়তে নিজৰ সদস্য তথা বিটিআৰবাসী সাংবাদিকৰ জ্যেষ্ঠতাৰ ভিত্তিত নিৰ্বাচিত কৰে । অৱশ্যে জ্যেষ্ঠ সাংবাদিক নহ'লে কনিষ্ঠসকলৰ পৰা নিৰ্বাচিত কৰা হ'ব বুলি জনায় ।

এই বৰ্ষত নিৰ্বাচিত ভ্ৰমণৰ সুবিধা পোৱা সাংবাদিকসকল হ'ল কোকৰাঝাৰ জিলাৰ পৰা প্ৰীতম ব্ৰহ্ম চৌধুৰী,কিশোৰ চৰকাৰ, জাইখ্লং ব্ৰহ্ম, হৰিশংকৰ ঠাকুৰ, মুচতাফা হুছেইন, হাফিঝুৰ ৰহমান আৰু শংকৰ চৌধুৰী। চিৰাং জিলাৰ পৰা হেমেন শৰ্মা, বৰ্ণালী তালুকদাৰ, দুলৰ্ভ তালুকদাৰ, ভৃগুমণি ৰয় আৰু প্ৰানজিত কুমাৰ ৰয় ।

বাক্সা জিলাৰ পৰা বিনয় কুমাৰ বড়ো, মনোহৰ ৰাজবংশী, অমল দাস, বাপু ৰাম বড়ো আৰু আনন্দ কুমাৰ ৰামছিয়াৰী। ওদালগুৰি জিলাৰ পৰা নৱ কুমাৰ ডেকা, গুনজিত দাস, নাৰায়ণ ডেকা, গনেশ ডেকা আৰু প্ৰফুল্ল কুমাৰ বড়ো । নিৰ্বাচিত এই সকল সাংবাদিকক অহা ১১ জুনৰ পৰা ২০জুনলৈ বিটিচি চৰকাৰে ভ্ৰমণলৈ নিব বুলি জানিব পৰা গৈছে।

Also Read: চিলাপথাৰ-পুকীয়া পথত ভংয়কৰ পথ দুৰ্ঘটনা

journalist kokrajhar