বিটিচিৰ ভূমি-তথ্য আৰু জৰীপ বিভাগত কেলেংকাৰী, ৩ কোটি ৪৫ লাখ ৯৮,৯৬৭ টকাৰ আত্মসাৎ

বিটিচিৰ ভূমি-তথ্য আৰু জৰীপ বিভাগত কেলেংকাৰী, ৩ কোটি ৪৫ লাখ ৯৮,৯৬৭ টকাৰ আত্মসাৎ

author-image
asomiyapratidin
New Update
বিটিচিৰ ভূমি-তথ্য আৰু জৰীপ বিভাগত কেলেংকাৰী, ৩ কোটি ৪৫ লাখ ৯৮,৯৬৭ টকাৰ আত্মসাৎ

ডিজিটেল সংবাদ, কোকৰাঝাৰ :- প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত হোৱা বিটিআৰ সহস্ৰাধিক জনতাক বঞ্চিত কৰি তিনি কোটিৰো অধিক টকা যুৱ ইউপিপিএলৰ কৰ্মীয়ে বিষয়াৰে সতে মিলি আত্মসাৎ কৰাৰ গোপন ফন্দিৰ অভিযোগ পোহৰলৈ অহাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । বিটিচিৰ ভূমি -তথ্য আৰু জৰীপ বিভাগত উক্ত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ইতিমধ্যে বৃহৎ কেলেংকাৰীৰ স'তে জড়িত থকাৰ অভিযোগত ইউপিপিএল যুৱ গোটৰ সক্ৰিয় কৰ্মী তথা ঠিকাদাৰ কনিষ্ক নাৰ্জাৰীক শনিবাৰে আটক কৰিছে ৷

Advertisment

কোকৰাঝাৰৰ মনঞ্জয় দৈমাৰী নামৰ এজন ব্যক্তিৰ গোচৰৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে আজি গোচৰৰ মুল অভিযুক্ত কনিষ্ক নাৰ্জাৰীক আটক কৰে।আনহাতে ঘটনাটোৰ সৈতে বিটিচিৰ ভূমি,তথ্য আৰু জৰীপ বিভাগৰ সঞ্চালক ধীৰাজ চাও জড়িত থকা বুলিও এজাহাৰত উল্লেখ কৰিছে অভিযোগকাৰী মনঞ্জয় দৈমাৰীয়ে ৷ ইপিনে বিটিচি সচিবালয়ৰ ভূমি,তথ্য আৰু জৰীপ বিভাগৰ সঞ্চালক ধীৰাজ চাওৰ বিৰুদ্ধে এনে অভিযোগ উঠাত কোকৰাঝাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বিপিএফ দলে সংবাদমেল অনুষ্ঠিত কৰি দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ।

বিপিএফ দলে অভিযোগ কৰা মতে কনিষ্ক নাৰ্জাৰীৰ সতে লগ লাগি ভূমি,তথ্য আৰু জৰীপ বিভাগৰ সঞ্চালক ধীৰাজ চাওে কোনোধৰণৰ সামগ্ৰী যোগান নধৰাকৈ ফাইল নং BTC/DM/(R)- 12/2021/147 আৰু Ref BTC/DLR/100/2021/153 মৰ্মে ৩,৪৫,৯৮,৯৬৭ টকা যোৱা ৬ জুনত পুঁজি মোকলাই লৈছিল ৷ টিনপাত যোগানৰ নামত উক্ত বৃহৎ টকা মোকোলাই লৈছিল যদিও এখিলাও টিনপাত কিন্তু যোগান ধৰা নাছিল । টিনপাত যোগানৰ নামত ৩,৪৫,৯৮,৯৬৭ টকা যোৱা ৮ জুনত কনিষ্ক নাৰ্জাৰীৰ বেংক একাউন্টত ট্ৰেন্সফাৰ কৰা হৈছিল ।

কোনো ধৰণৰ সামগ্ৰী যোগান নধৰি এক বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত কৰি সমুদায় টকা আত্মসাৎ কৰাৰ অভিসন্ধি কৰাত খৰ্গহস্ত হৈ পৰিছে বিপিএফ দল । যোৱা ১৪ জুনত সমগ্ৰ ঘটনাটো পোহৰলৈ অহাত অভিযোগকাৰীয়ে কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰে ৷ বিপদৰ উমান পাই ইতিমধ্যে ধীৰাজ চাওৱে উক্ত দুৰ্নীতিৰ ফাইলটো গাপ দি ৰাখিছে বুলিও অভিযোগ উঠিছে ৷

ইপিনে উক্ত ঘটনাক লৈ আজি বিপিএফৰ মুখ্য কাৰ্যালয়ত সন্ধিয়া ৮:০০ বজাত এক সংবাদমেল অনুষ্ঠিত কৰে । সংবাদমেলত বিটিচিৰ বিৰোধী দলপতি তথা বিপিএফৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে উক্ত কেলেংকাৰীক বৃহৎ কেলেংকাৰী বুলি মন্তব্য কৰি উক্ত সমস্ত কেলেংকাৰীৰ তদন্ত মৰ্মে দোষীৰ আইনগত শাস্তি কামনা কৰিছে ।

প্ৰাকৃতিক দূৰ্যোগত আক্ৰান্ত হোৱা সমাজৰ গৰীব -দুখীয়া ৰাইজক টিনপাত যোগান ধৰাৰ সলনি সেয়া সমুলঞ্চে আত্মসাৎ কৰা কাৰ্য ভীষণ অন্যায় বুলি মন্তব্য কৰি বিটিচিৰ বিৰোধী দলপতি তথা বিপিএফৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে ৩ কোটিৰ অধিক টকা আত্মসাৎ কৰা ঘটনাৰ তদন্ত সুচাৰুৰূপে কৰিবলৈ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ প্ৰতি আহ্বান জনাইছে ।

ইপিনে শেহতীয়া তথ্য অনুসৰি আৰক্ষীয়ে আটকাধীন কনিষ্ক নাৰ্জাৰীক সোধপোছৰ অন্তত এৰি দিয়া বুলি জানিব পৰা গৈছে । আনহাতে গোচৰৰ সতে সাঙোৰ খাই পৰা কনিষ্ক নাৰ্জাৰীক যেতিয়াই আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত মাতে তেতিয়াই থানাত হাজিৰ হব লাগিব বুলি স্পষ্ট কৰি দিয়ে আৰক্ষীয়ে ।

আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…

assam kokrajhar