১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১) ৰাজ্যত এতিয়াও অব্যাহত আছে বান পৰিস্থিতি। ২৫ খন জিলাৰ প্ৰায় ১১ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বানত।

২) আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কেইবাখনো জিলাৰ বান পৰিস্থিতিৰ পৰিদৰ্শন কৰি সকলোকে সহায়ৰ আশ্বাস দিয়ে।

৩) আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ফোনযোগে বাৰ্তালাপ কৰে আৰু বান পৰিস্থিতিৰ বুজ লয়।

৪)শনিবাৰে কিৰ্গিস্তানত অনুষ্ঠিত বিশ্ব পাৱাৰলিফটিং চেম্পিয়নশ্বিপৰ অধীনত জুনিয়ৰ এছিয়ান পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ নিৰজ বৰাই সোণৰ পদক লাভ কৰে। 

৫) ঢকুৱাখনা মহকুমাত চাৰিকঢ়িয়া নদীৰ বান গৰাখহনীয়াৰ তাণ্ডৱ অব্যাহত আছে।  নদীখনে  পশ্চিম মাছখোৱাৰ পৰা কেঁকুৰী পৰ্যন্ত  বিস্তৃত এলেকাত নিৰবিছিন্ন হাৰত অব্যাহত ৰাখিছে ভয়াৱহ গৰা খহনীয়া ।

৬)মাৰ্ঘেৰিটা মহকুমাধিপতিৰ বাসভৱনত ৰাজহ কামৰ বিনিময়ত উৎকোছ দিবলৈ আহি এজন লোক ৰঙাঘৰৰ আলহি হোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাৰ্ঘেৰিটা মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমৰ অভিযোগৰ ভিত্তিত মাৰ্ঘেৰিটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বসন্ত প্ৰধান নামৰ লোকজনক শনিবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

৭) নাৰায়ণপুৰত তিনি প্ৰৱঞ্চকক আটক। নাৰায়ণপুৰ নগৰৰ শক্ৰাহি গাঁৱৰ পৰা স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে আটক কৰে চূলেমান আলি,ইনাৰুল আলি আৰু অহিদুল আলি নামৰ প্ৰৱঞ্চক কেইটাক।

৮)ভূটানৰ বান্ধৰ পানীয়ে ভয়ংকৰ তাণ্ডৱ চলাইছে নামনি অসমত। ভূটানত আৰম্ভ হৈছে প্ৰৱল বৃষ্টিপাত যাৰবাবে দেশখনৰ জলবিদ্যুৎ প্ৰকল্পক পৰিছে তীব্ৰ হেঁচা।

৯) বিজেপি দলৰ নেতৃত্বত বাসুগাঁও পৌৰসভাৰ ব'ৰ্ডৰ শপত গ্ৰহণ অনুষ্ঠানৰ বিৰোধিতা কৰি পৌৰসভাৰ প্ৰৱেশদ্বাৰত তলা ওলমাই ক্ষোভিত বিজেপি মহিলাকৰ্মী সকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

১০)শনিবাৰে দিনত মন্ত্ৰীগৰাকী বামুণীমৈদামস্থিত ঔদ্যোগিক, বাণিজ্য বিভাগৰ আয়ুক্তৰ কাৰ্যালয় উপস্থিত হয়।মন্ত্ৰী বৰাই বিভাগটোৰ দীৰ্ঘদিন ধৰি পদোন্নতিৰ পৰা বঞ্চিত ৮৫গৰাকী বিষয়াক পদোন্নতি দিয়াৰ ব্যৱস্থা কৰে।

১১)বিমানযাত্রীৰ টিকটৰ বাবে হাহাকাৰ অসম পৰ্যটন বিভাগৰ কাৰ্যালয়ত।গুৱাহাটীৰ পৰা শিলচৰ যাত্রাৰ টিকট বিচাৰি যাত্রীৰ ভিৰ।পল্টন বজাৰস্থিত অসম পৰ্যটন বিভাগৰ কাৰ্যালয়ত ভিৰ কৰিছে যাত্রীয়ে।

১২)জিএনআৰচি হাস্পতাল গোটৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডাঃ নোমল চন্দ্ৰ বৰাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ বৰঙণি আগবঢ়াইছে। 

১৩)গাঁও-মৰিগাঁও সংযোগী গড়কাপ্তানি পথ(চিধা মৰিগাঁও)ৰ খালৈ গাঁৱত আজি এক দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে ৱেগনাৰ। 

১৪)মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসমৰ ১২৬ তা সমষ্টিত নিৰ্মাণ হৈছে আদৰ্শ অংগনবাদী কেন্দ্ৰ। ইয়াৰে মৰিগাঁও সমষ্টিত আবন্টন হোৱা ১১ তা আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ হৈ আছে।

১৫)নৃত্য-পটিয়সী শাৰদী শইকীয়া আৰু চিত্রশিল্পী চন্দ্রকমল গগৈলৈ আগবঢ়োৱা হৈছে 'বিষ্ণু ৰাভা বঁটা'।

১৬)হিমা দাস আৰু অম্লান বৰগোহাঁইলৈ আৰ্থিক সাহায্য।অসম এথলেটিকছ সন্থাই ঘোষণা কৰিলে এই সাহায্য।

১৭)ৰাজ্যৰ বান পৰিস্থিতিয়ে জিটল ৰূপ ধাৰণ কৰাৰ সময়তে আহিছে আন এক বেয়া খবৰ। মেঘালয় চৰকাৰে জাৰি কৰা এক সতৰ্কবাণীয়ে মেঘালয়ৰ দাঁতি কাষৰীয়া কামৰূপ, কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাওঁ, ৰামপুৰ, নহিৰা, জিয়াকুৰ, কুকুৰমাৰা বকো আদি অঞ্চলৰ ৰাইজক সতৰ্ক কৰি দিয়া হৈছে।

১৮)নলবাৰী জিলাৰ টিহুৰ ওচৰৰ কনিমাৰাত ১৮ জুনত প্ৰায় ২২ বৰ্ষীয় জিণ্টু কলিতা নামৰ যুৱক এজন পানীত পৰি নিৰুদ্দেশ হয় ।

১৯)বটদ্ৰৱাৰ চকলাঘাট ক্ষেত্ৰী গাঁৱত ১৫২ পৰম্পৰাৰে ৰুক্মিণী হৰণ ভাওনা। সহস্ৰাধিক লোকৰ উপস্থিতিত উখল মাখল পৰিৱেশ।

২০)শনিবাৰে মাজবাটৰ খুচুৰাবাৰী গাওঁৰ ভুটিয়া মাৰী নদীত মৃত হৰিণা এটা উদ্ধাৰ কৰাৰ লগতে পাচঁনৈ নদীৰ পৰা আন এটা মৃত হাতী পোৱালী উদ্ধাৰ কৰে মাজবাট আঞ্চলিক বন বিভাগৰ দলে।

২১)বিটিচিৰ ভূমি-তথ্য আৰু জৰীপ বিভাগত কেলেংকাৰী ।৩ কোটি ৪৫ লাখ ৯৮,৯৬৭ টকাৰ কেলেংকাৰীৰ অভিযোগ । বৃহৎ কেলেংকাৰীৰ অভিযোগত এজনক আটক ।

২২)নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত গামাৰিমূৰীৰ সাহপুৰত শনিবাৰে প্ৰলংকাৰী বানে প্ৰাণ কাঢ়ি নিলে এগৰাকী অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ ৷

২৩)নগাঁও জিলা যোগ সন্থাৰ সৌজন্যত হাতীচোং মৌজাৰ খালৈগাঁৱত অৱস্থিত চৰ্দাৰ বল্লভভাই পেটেল প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত কালি চাইক'মেট্ৰিক যোগ কেন্দ্ৰ নামৰে যোগ,প্ৰাণায়ম আৰু প্ৰাকৃতিক চিকিৎসাৰ অনুষ্ঠান এটি খাগৰিজান খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে।

২৪)চৰাইদেউ জিলাত শান্তি- শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ সম্ভাৱনাৰ প্ৰতি আশংকা প্ৰকাশ কৰি সমগ্র জিলাখনত তৎকালে বলৱত হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলা দণ্ডাধীশ পল বৰুৱাই যোৱা ১৬ জুনত এক আদেশ জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

২৫)জলসম্পদ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই আজি ভৱানীপুৰ সমষ্টিৰ বিধায়ক আৰু জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে ভৱানীপুৰৰ মেধিকুছি অঞ্চলত বন্যাৰ্তসকলৰ বাবে নিৰ্মিত অস্থায়ী আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি শিবিৰত আশ্ৰয় লৈ থকা লোক সকলৰ খবৰ লয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in