/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3174aa9e-54ee-4a06-b3a9-0a9aee99470e/Machine.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ চিদলী-চিৰাং উন্নয়ন খণ্ড কাৰ্যালয়ৰ চৌহদত বিটিচি প্ৰশাসনৰ সৌজন্যত হিতাধিকাৰী সকলৰ মাজত কুঁহিয়াৰ পেৰী ৰস উলিওৱা যন্ত্ৰ বিতৰণ কৰা হয়। সোমবাৰে বিটিচি প্ৰশাসনৰ সৌজন্যত ব্যক্তিগত হিতাধিকাৰী আঁচনি (আই বি এফ)ৰ অধীনত ৪১ গৰাকী হিতাধিকাৰীৰ মাজত বিটিচিৰ উপমুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীয়ে আনুষ্ঠানিক ভাৱে এই কুঁহিয়াৰ পেৰী ৰস উলিওৱা যন্ত্ৰ বিতৰণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/84a72228-de9d-4de8-98c6-782bd1468e41/WhatsApp_Image_2023_04_24_at_3_08_25_PM.jpeg)
বিটিআৰ অঞ্চলৰ নিবনুৱা যুৱক-যুৱতী সকলক আৰ্থিক দিশত স্বাৱলম্বী তথা স্বনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে এনেধৰণৰ আঁচনি যুগুত কৰা হৈছে। আৰু এই আচঁনিৰ জৰিয়তে বিটিআৰ এলেকাত মুঠ ৩০০ গৰাকী হিতাধিকাৰীৰ মাজত পৰ্যায়ক্ৰমে এই যন্ত্ৰ বিতৰণ কৰা হ'ব বুলি গোবিন্দ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/0d008d7d-2279-4568-b54c-0cbb50219156/WhatsApp_Image_2023_04_24_at_3_08_25_PM__1_.jpeg)
সোমবাৰে এই বিতৰণ অনুষ্ঠানত চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, চিৰাং পৰিষদীয় সমষ্টিৰ পাৰিষদ ছাইখং বসুমতাৰী, জিলা গ্ৰামোন্নয়ন বিভাগ প্ৰকল্প সঞ্চালক অৰবিন্দ ৰাভা, চিদলী উন্নয়ন খণ্ড বিষয়া কুমুদ নাৰ্জাৰী সহ অন্যান্য বিষয়া কৰ্মচাৰী আৰু হিতাধিকাৰী সকল উপস্থিত আছিল ।
Also Read: দেৱীপ্ৰসাদ বাগড়োদিয়ালৈ অসম সাহিত্য সভাৰ "বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২"...