ভাৰত-বাংলা সীমান্তত ৮ টা চোৰাং গৰু, ৩১ চোৰাং চেনী জব্দ...

ভাৰত-বাংলা সীমান্তত ৮ টা চোৰাং গৰু, ৩১ চোৰাং চেনী জব্দ...
ভাৰত-বাংলা সীমান্তত ৮ টা চোৰাং গৰু, ৩১ চোৰাং চেনী জব্দ...

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ঠাকুৰাণবাৰীৰ পৰা বিএছএফে বৃহস্পতিবাৰে পুনৰ ৮ টা চোৰাং গৰু জব্দ কৰিছে। সাহাপাৰা বি এছ এফ কেম্পৰ ৪৫ নং বেটেলিয়ানৰ জোৱানে সীমান্তত টহল দি থকা অৱস্থাত সৰবৰাহকাৰীৰ দল এটাই গৰু কেইটা লৈ সীমান্তত উপস্থিত হয়।

বাঁহৰ ঢেকিৰে কাটাতাঁৰৰ বেৰৰ ওপৰেদি গৰু কেইটা সৰবৰাহ কৰিবলৈ ধৰাত টহলদাৰী জোৱানে গৰু কেইটা জব্দ কৰে। অৱশ্যে বিএছএফক দেখি সৰবৰাহকাৰী দলটোৱে পলায়ন কৰে।

ইতিমধ্যে বি এছ এফে গৰু কেইটা মানকাচৰ আৰক্ষীক গতাই দিয়াত আৰক্ষীয়ে গৰু কেইটা গোশালাত জমা কৰিছে বুলি জানিব পৰা গৈছে। লক্ষণীয় যে, জিলাখনত উন্মুক্ত নদী তথা চৰ সীমান্তৰ লগতে কাটাতাঁৰৰ বেৰ থকা সীমান্তৰেও প্ৰতিদিনে শ শ গৰু সৰবৰাহ হটবলৈ ধৰিছে।

চৰ এলেকাৰ নদী সীমান্তয়েদি নাওঁযোগে গৰু সৰবৰাহ কৰাৰ বিপৰীতে কাটাতাঁৰৰ বেৰ থকা সীমান্তত বাঁহৰ ঢেকিৰে কাটাতাঁৰৰ ওপৰেদি গৰু সৰবৰাহ কৰা হয়। কাটাতাঁৰৰ বেৰৰ ওপৰেদি গৰু সৰবৰাহ কৰোতে ভাৰতৰ ১০-১৫ জন সৰবৰাহকাৰী গৰু লৈ সীমান্তত উপস্থিত হোৱাৰ বিপৰীতে বাংলাদেশৰ ফালৰ পৰাও ১০-১৫ জন গৰু সৰবৰাহকাৰী সীমান্তত উপস্থিত হয়।

দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীক প্ৰত্যাহ্বান জনাই গোমাফিয়াসকলে সৰবৰাহকাৰীৰ দ্বাৰা এইদৰে পশুধন চোৰাং ভাবে সৰবৰাহ কৰে। ভাৰতৰ ফালৰ পৰা বিএছএফে প্ৰায়ে গৰু জব্দ কৰিবলৈ সক্ষম হয় যদিও বাংলাদেশৰ ফালৰ পৰা বিজিবিয়ে আজিলৈ ভাৰতৰ ফালৰ পৰা যোৱা চোৰাং গৰু জব্দ কৰাৰ নজিৰ নাই বুলি জানিব পৰা গৈছে।

এই ক্ষেত্ৰত বিএছএফৰ সমান্তৰাল ভাবে বাংলাদেশ গাৰ্ড বৰ্ডাৰ চমুকৈ বিজিবিয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিলে চোৰাং কাৰবাৰ অতি কঠিন হৈ পৰিব বুলি বিজ্ঞ মহলত আলোচিত হোৱা দেখা যায়। ইফালে জিলাখনৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ বৰাইৰ আলগাত ৪৫ নং বেটেলিয়ান বিএছএফে আজি পুনৰ ৩১ বস্তা চোৰাং চেনী জব্দ কৰিছে।

নদীপথেৰে চেনীখিনি সৰবৰাহকাৰীয়ে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ আনিছিল। বি এছ এফে নাওঁসহ চেনীখিনি জব্দ কৰিছে। বুধবাৰেও বি এছ এফে ৯ বস্তা চোৰাং চেনী জব্দ কৰিছিল। যোৱা কিছুদিন নদী সীমান্তত চোৰাং চেনী জব্দ হ'বলৈ ধৰিছে।

ভাৰতৰ বজাৰমূল্যতকৈ বাংলাদেশৰ বজাৰত চেনীৰ দাম দুগুণ দৰত বিক্ৰী কৰা হয় বুলি জানিব পৰা গৈছে। যাৰ ফলত বৰ্তমানে চেনী সৰবৰাহ বৃদ্ধি পাবলৈ ধৰিছে।

ভাৰত-বাংলা সীমান্তত ৮ টা চোৰাং গৰু, ৩১ চোৰাং চেনী জব্দ...
মানকাচৰৰ সুখচৰ সমবায় সমিতিৰ ভোটগ্ৰহণ সম্পন্নঃ ১২ আগষ্টত ফলাফল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in