মানকাচৰৰ সুখচৰ সমবায় সমিতিৰ ভোটগ্ৰহণ সম্পন্নঃ ১২ আগষ্টত ফলাফল...

মানকাচৰৰ সুখচৰ সমবায় সমিতিৰ ভোটগ্ৰহণ সম্পন্নঃ ১২ আগষ্টত ফলাফল...
মানকাচৰৰ সুখচৰ সমবায় সমিতিৰ ভোটগ্ৰহণ সম্পন্নঃ ১২ আগষ্টত ফলাফল...

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৫ খন গাওঁ পঞ্চায়তক লৈ গঠন হোৱা সুখচৰ সমবায় সমিতি লিঃ ৰ আজি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হয়। সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনৰ ১২ বজাৰ পৰা সমিতিখনৰ নতুন কমিটিৰ বাবে ভোটগ্ৰহন আৰম্ভ হৈছে।

এইবাৰ সমিতিখনত মুঠ ৪৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। সমিতিখনত মুঠ ৩৭১৯ গৰাকী অংশীদাৰ ভোটাৰ আছে। অংশীদাৰ ভোটাৰসকলে এই ৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

পুৱা ৯ বজাৰ পৰা ১২ বজালৈ সমিতিৰ সকলো হিচাপ-নিকাচৰ বাবে সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। তদানীন্তন সভাপতি মোস্তাউৰ ৰহমান বিগত দিনৰ হিচাপ-নিকাচ অংশীদাৰসকলক বুজাই দিয়াৰ পাচত ১২ বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ কৰা হয়।

মনোজ কুমাৰ ভোটগ্ৰহণৰ বাবে সহকাৰী ৰিটাৰ্নিং বিষয়া হিচাপে উপস্থিত থাকে। ভোট গ্ৰহণ আৰম্ভণিৰে পৰা যথেষ্ট সংখ্যাক ভোটাৰে ভোট প্ৰদান কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। বৰাইৰ আলগা, সুখচৰ, মলাখোৱা, মালিৰ আলগা আৰু ফুলেৰচৰ গাওঁ পঞ্চায়তৰ অংশীদাৰ ভোটাৰসকলে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰে।

সন্ধিয়া ৭.৩০ বজালৈ মলাখোৱা গাওঁ পঞ্চায়তৰ বাহিৰে বাকী পঞ্চায়ত কেইখনৰ ভোটগ্ৰহণ সম্পন্ন হৈছে। বিয়লি ৬ বজাত ভোটগ্ৰহণ কেন্দ্ৰৰ গেট বন্ধ কৰি দিয়া হৈছে। বাতৰি লিখা পৰলৈকে মলাখোৱা গাওঁ পঞ্চায়তৰ প্ৰায় দুই শতাধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে শাৰী পাতি থিয় হৈ আছে।

মুঠ ভোটাৰৰ আধা সংখ্যাক ভোটাৰ মলাখোৱা গাওঁ পঞ্চায়তত। এতিয়ালৈ সমিতিখনত ২৩ শতাধিক ভোটাৰে ভোটদান কৰিছে। আৰম্ভণিৰে পৰা কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণ ভাবে ভোটগ্ৰহণ চলি থকা পৰিলক্ষিত হৈছে।

আজি ভোট সমাপ্ত হোৱাৰ পাচত অহা ১২ আগষ্ট তাৰিখে সমিতিখনৰ নতুন কমিটিৰ বাবে ভোটগণনা কৰা হ'ব। ভোটৰ জৰিয়তে নিৰ্বাচিত হোৱা ১৫ গৰাকী সদস্যৰ পৰা এজন সভাপতি বাচনি কৰা হ'ব।

মানকাচৰৰ সুখচৰ সমবায় সমিতিৰ ভোটগ্ৰহণ সম্পন্নঃ ১২ আগষ্টত ফলাফল...
নগাঁৱৰ কেঁচা সোণৰ শিল্পীক নতুন দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in