দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে ভায়েক-ভনীয়েকক

দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে ভায়েক-ভনীয়েকক

ডিজিটেল সংবাদ,চিৰাং : বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দুৰ্গামাৰী গাঁৱত বুধবাৰে নিশাৰ ভাগত অচিনাক্ত দুৰ্বৃত্তই প্ৰাণ ল'লে দুই ভাতৃ-ভগ্নীৰ । নিশা বিদ্যাপুৰত দুৰ্বৃত্তই ঘৰত কোনো নথকাৰ সুযোগতে দুই ভাই-ভনীয়েকক চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰি ঘৰৰ চোতালত আৰু এজনক পিছফালে পেলাই থৈ যায় ।

কোনে কি কাৰণত এই হত্যাকাণ্ড সংঘটিত কৰিলে সেই তথ্য এতিয়ালৈ পোহৰলৈ নাই । খবৰ লাভ কৰি বিদ্যাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ এদল আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। মৃত ভাতৃ -ভগ্নী দুজনৰ নাম ক্ৰমে আজমল সেখ আৰু মেৰেজা ওৰফে ফিৰোজা বেগম বুলি চিনাক্ত কৰা হৈছে ।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত বঙাইগাঁও থানাৰ আৰক্ষী উপস্থিত হৈ যুটীয়াভাৱে তদন্ত অব্যাহত ৰাখিছে। উক্ত নৃশংস হত্যাকাণ্ডৰ ঘটনাই এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত খবৰ অনুযায়ী বঙাইগাঁও জিলা তথা থানাৰ অন্তৰ্গত বিদ্যাপুৰ আৰক্ষী চকীৰ দূৰ্গামাৰী গাঁৱত সংঘটিত হৈছে নৃশংস হত্যকাণ্ড।

উল্লেখ্য যে গাঁৱখনৰ একেটা পৰিয়ালৰ ১৪ বছৰীয়া ভাই আৰু ১৭ বছৰীয়া ভনীয়েক নিশা দুৰ্বৃত্তই হানি খুচি হত্যা কৰি ঘৰৰ চোতালত পেলাই থৈ যায়। ঘৰত ভাই-ভনী আৰু পিতৃ আছিল। পিতৃ শাৰিৰীকভাৱে দুৰ্বল হোৱাৰ উপৰি মানসিকভাৱে অসুস্থ।

একমাত্ৰ ঘৰখনৰ উপাৰ্জনকাৰী মাতৃ। মাকগৰাকীয়ে কৰ্মৰ বাবে ইটা উদ্যোগত কাম কৰে। যাৰ ফলত ইটা ভাটাত থাকিব লগা হয়। হত্যাকাণ্ডৰ আচল ৰহস্য এতিয়া লৈ জানিব পৰা হোৱা নাই।

আৰক্ষীৰ তদন্তৰ পাছত হে আচল ৰহস্য ওলাই পৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে ঘটনা স্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈছে। উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

উল্লেখযোগ্য যে মৃত ছোৱালীজনী নাবালিকা অৱস্থাতে ধুবুৰী জিলাৰ চাপৰৰ হাতীপোতাত বিবাহ হৈছিল বুলি জানিব পৰা যায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in