/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/fa3d6bd1-058f-4039-9827-5180e18e9d07/aa.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুুৰ্মুৰে এসময়ত এখন বিচনাতে শুই,বহি কটোৱা এগৰাকী মহিলাৰ হিয়া ভগা কান্দোনে সকলোৰে দৃষ্টি আৰ্কষণ কৰিছে জামুগুৰিহাটত ৷ বৃহস্পতিবাৰে সাংবাদিকৰ সন্মুখত হুক হুকাই কন্দা এই গৰাকী মহিলাই হ'ল বিশ্বনাথৰ ৰুক্মিনী কিষান ৷
কিছুদিনৰ আগতে এইগৰাকী ৰুক্মিনীয়ে দেশৰ ৰাষ্ট্ৰপতি গুৱাহাটীলৈ আহোতে পূৰ্বতে বিশ্বনাথত তেওঁৰে সৈতে কটোৱা বহু মুহূৰ্তৰ কথা ব্যক্ত কৰি আবেগিক কৰি তুলিছিল দ্ৰৌপদী মুৰ্মুক ৷ কিন্তু সেইগৰাকী ৰুক্মিণীৰ আজি পুত্ৰৰ বাবে এটা কেক কিনিবলৈ অভাৱ টকাৰ ৷
এফালে ঠায়ে ঠায়ে নানা ৰঙৰ কেক কাটি মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন। আনফালে নিজৰ ল'ৰা ছোৱালীৰ জন্মদিনৰ কেক কাটিবলৈ অৰ্থৰ অভাৱ এইসকল শিক্ষকৰ। এখন প্ৰাথমিক বিদ্যালয়ত টিউটৰ শিক্ষক হিচাপে নিযুক্তি পোৱা এই গৰাকী ৰুক্মিণীয়ে ১০ হেজাৰ টকাত ৰুগীয়া স্বামীসহ সংসাৰ চলাবলৈ সম্প্ৰতি অপৰাগ ৷
ৰাষ্ট্ৰপতিক লগ পোৱাৰ মুহূৰ্তত চাকৰী জীৱনৰ কথা ক'বলৈ মুখ্যমন্ত্ৰীয়ে সময় নিদিয়া বুলিও অভিযোগ কৰে ৰুক্মিণীয়ে ৷ আজি জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত সদৌ অসম প্ৰাদেশীকৃত মধ্য আৰু প্ৰাইমাৰী শিক্ষক টিউটৰ সংস্থাই আয়োজন কৰা এক সংবাদ মেলত চাকৰী নিয়মীয়া নহ'লে আত্মজাহ যাব বুলিও হুংকাৰ দিয়ে ৰুক্মিণী কিষাণে ৷
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্ম দিনটোত একাংশ অনুগামীয়ে উলহ মালহেৰে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে আজি এগৰাকী শিক্ষয়িত্ৰীৰ হিয়া ভগা কান্দোনে বিশেষ তাৎপৰ্য বহন কৰিছে ৷
আৰু পঢ়কঃ জামুগুৰিহাটত আজিৰে পৰা গুণোৎসৱ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us