/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d46f02c9-33bc-49f5-821b-94728c6c0fb5/relway.jpg)
ডিজিটেল সংবাদ, চিৰাং : বহিঃৰাজ্যৰ ব্ৰয়লাৰ কুকুৰা আমদানী কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো পশ্চিমবংগৰ পৰা অসমত ব্ৰয়লাৰ কুকুৰাৰ অবৈধ আমদানী অব্যাহত আছে । অসমত ব্ৰয়লাৰ কুকুৰাৰ নাটনি আৰু চাহিদা পূৰণ কৰিবলৈ ব্ৰয়লাৰৰ মাংসৰ সৈতে জড়িত চক্ৰটোৰ সদস্যসকলে ন ন পদ্ধতি অৱলম্বন কৰি পশ্চিমবংগৰ পৰা অসমলৈ ব্ৰয়লাৰৰ আমদানি কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ba0799e1-09cc-4f17-a487-731e9851bbd6/4a372a69_3703_4e33_9dae_599435bb7fbd.jpg)
জানিব পৰা মতে, চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা বিগত কিছুদিন ধৰি নীতি বহিঃৰ্ভূতভাৱে ৰে'লযোগে ব্ৰয়লাৰ কুকুৰা অসমলৈ আমদানি কৰা হৈছে। বিশেষকৈ , ছিফুং যাত্ৰীবাহী ৰে'ল,আলিপুৰ দুৱাৰ-গুৱাহাটী ইন্টাৰচিটি যাত্ৰীবাহী ৰে'লৰ ডবাৰ ভিতৰত, শৌচাগাৰ আদিত প্লাষ্টিকৰ মোনাত কৌশলৰে ব্ৰয়লাৰ কুকুৰা ভৰাই অসমলৈ আনি কোকৰাঝাৰ চহৰ, চিৰাঙৰ বাসুগাঁও চহৰত মজুত কৰি অধিক দামত বিক্ৰী কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7348a4ba-c52e-465e-85c6-4e3631a18347/b0066d9f_a7fe_4026_a9f0_f0cd7bfffda5.jpg)
এই সন্দৰ্ভত বুধবাৰে পুৱা আলিপুৰ দুৱাৰ -গুৱাহাটী ইন্টাৰচিটি যাত্ৰীবাহী ৰে'লৰ ভিতৰত ব্ৰয়লাৰ কুকুৰা কঢ়িয়াই অনা এজন যুৱককে কয় যে, চৰকাৰে বহিঃৰাজ্যৰ ব্ৰয়লাৰ কুকুৰাৰ আমদানি বন্ধ কৰি দিয়াৰ ফলত বজাৰত হঠাতে ব্ৰয়লাৰৰ দাম দুগুণ হয়। এই সুযোগ গ্ৰহণ কৰি বহুলোকে এতিয়া পশ্চিমবংগৰ পৰা কম মূল্যত ব্ৰয়লাৰ কুকুৰা ক্ৰয় কৰি আনি অসমত অধিক দামত বিক্ৰী কৰি আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0aa6cd54-d855-4d76-b6d8-93b7233e6b94/89f7b239_08dd_4f13_a3f9_528f7249dac9.jpg)
সম্প্ৰতি অসমৰ পৰা বহু যুৱকে বৰ্তমান ৰেলযোগে এই ব্ৰয়লাৰ আমদানিৰ অবৈধ কামত নামি পৰিছে । আজি এক বিশেষ তথ্যৰ ভিত্তিত সাংবাদিকৰ দল ৰাতিপুৱা বাসুগাঁও ৰে'লষ্টচনত উপস্থিত হয়।
সাংবাদিকৰ কেমেৰা দেখি আলিপুৰ দুৱাৰ- গুৱাহাটী ইণ্টাৰচিটি যাত্ৰীবাহী ৰে'লত ব্ৰয়লাৰ কুকুৰা কঢ়িয়াই অনা চক্ৰৰ সদস্যসকলে মুহুৰ্ত্তৰ ভিতৰতে ব্ৰয়লাৰ কুকুৰা ভৰ্তি কৰি অনা প্লাষ্টিকৰ মোনা লৈ পূৰ্বৰে পৰি ষ্টেচন চৌহদত মজুত কৰি ৰখা বাহনত তুলি পলায়ন কৰে । ইপিনে যাত্ৰীবাহী ৰে'লৰ ভিতৰত প্লাষ্টিকৰ মোনাত ভৰাই ব্ৰয়লাৰ কুকুৰা কঢ়িয়াই অনাৰ সময়ত সমগ্ৰ ৰে'লৰ ডবাত দুৰ্গন্ধ বিয়পি এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰে আৰু যাত্ৰীসকলে এই ব্ৰয়লাৰ কুকুৰাৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধৰ মাজতে যাতায়াত কৰিবলগীয়া হোৱাত অসুবিধাত পৰিছে ।
এতিয়া প্ৰশ্ন হয় অসম চৰকাৰে নিষিদ্ধ কৰাৰ পিছতো যাত্ৰীবাহী ৰে'লযোগে অসমত ব্ৰয়লাৰ আমদানি কৰা বিষয়টো ৰেলবিভাগৰ লোক নাইবা ৰেল আৰক্ষী অৱগত নহয় নেকি বুলি আক্ষেপ একাংশৰ। ইয়াৰোপৰি ব্ৰয়লাৰ কুকুৰা আমদানি কৰা চক্ৰটোৰ সৈতে ৰে'ল আৰক্ষীৰ গোপন বুজাবুজিৰ বাবে সকলো দেখিও নেদেখাৰ ভাও জুৰি আছে বুলি উল্লেখ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3e04133c-ab90-47ef-9caf-14f089d5ecd2/ce3f4017_06f6_45dd_8562_8c4586a903b6.jpg)
তাৰ মাজতে আজি ব্ৰয়লাৰ কঢ়িয়াই অনা এজন যুৱকে সাংবাদিকৰ আগত কয় যে, যাত্ৰীবাহী ৰে'লত ব্ৰয়লাৰ কুকুৰা কঢ়িয়াই নিয়াৰ বাবদ ৰে'ল আৰক্ষীক টকা দিব লাগে বুলি সদৰি কৰে। মুঠৰ ওপৰত বহিঃৰাজ্যৰ ব্ৰয়লাৰ আমদানিৰ ক্ষেত্ৰত অসম চৰকাৰৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো বিভিন্ন উপায়ে অসমত বহিঃৰাজ্যৰ ব্ৰয়লাৰ কুকুৰা আমদানি হৈ আছে।
Also Read: লামডিঙত গাড়ীসহ ১৪টা গৰু জব্দ