লামডিঙত গাড়ীসহ ১৪টা গৰু জব্দ

লামডিঙত গাড়ীসহ ১৪টা গৰু জব্দ

ডিজিটেল সংবাদ,লামডিংঃ অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে হোজাই আৰক্ষীৰ অভিযান। লামডিং-লংকা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গাড়ীসহ ১৪টা গৰু জব্দ কৰে আৰক্ষীয়ে।

বুধবাৰে হোজাই আৰক্ষীৰ নেতৃত্বত লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন জ্যোতি বৰাই ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা আটক কৰে ১৪ টা গৰুসহ ধৃত ৫ জন গৰু সৰবৰাহকাৰীৰ লগতে এখন বাহন। আৰক্ষীয়ে জনোৱা মতে, নগাঁও পৰা ডিমাহাচাওৰ ফালে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে লৈ যোৱাৰ সময়তে লামডিং আৰক্ষীয়ে AS 02 DC 2103 TATA Magic Carrier গাড়ীসহ ১৪ টা গৰু জব্দ কৰে ৷

অভিযোগ অনুসৰি চৰকাৰৰ কিছু নিয়ম উলংঘা কৰি সৰবৰাহ কৰিছিল ১৪টাকৈ গৰু। লামডিং আৰক্ষীয়ে আটক কৰা ৫ জন গৰু সৰবৰাহকাৰী ক্ৰমে লামডিঙৰ হৰেকৃষ্ণ দাস, সঞ্জীৱ দাস, দিলীপ দাস, বৰলংফাৰৰ নিৱাসী ৰঞ্জিত ৰিয়াং আৰু দাতাৰাম ৰিয়াং।

জানিবলৈ দিয়া অনুসৰি, গৰু সৰবৰাহকাৰীৰ লগত আৰু কোন কোন জড়িত আছে এই সন্দৰ্ভত লামডিং আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷ এইসকল ধৃত সৰবৰাহকাৰীৰ বিৰুদ্ধে লামডিং আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে বুলি জনায় ৷

অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি হোজাই জিলাত গৰু সৰবৰাহকাৰীয়ে বহু দিনৰ পৰাই লামডিং আৰু হোজাই আৰক্ষীৰ চকুত ধুলি মাৰি চলাই আহিছে গৰু ৰমৰমীয়া বেহা ৷

লামডিঙত গাড়ীসহ ১৪টা গৰু জব্দ
ৰাজস্থানৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in