/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/282c6b90-2057-4495-80f0-d80b647faad9/355.jpg)
ডিজিটেল সংবাদ,মাতমৰা : ব্ৰহ্মপুত্ৰৰ পাৰত বাইক ৰাইদাৰ ৰূপত মঙলবাৰে দেখা গ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ৷ এবাৰ যদি তেওঁ আৰোহীৰ ৰূপত আনবাৰ বিধায়ক ভুৱন পেগুক বহুৱাই বাইকাৰ্চৰ ৰূপত মুখ্যমন্ত্ৰী ড০ শৰ্মা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/92220c04-7eae-4c94-88d9-a0c04051d4af/429827632_978118657011168_253078076652037536_n.jpg)
মুখ্যমন্ত্ৰী ড০ শৰ্মাই বাইক চলাই বগীবিল কাৰেং চাপৰিৰৰ পৰা মাতমৰা বাঘচুকলৈ যাত্ৰা কৰে। নৱনিৰ্মিত ব্ৰহ্মপুত্ৰৰ পকী মথাউৰিত মটৰ চাইকেল ৰেলীত দলীয় কৰ্মীৰ লগতে সতীৰ্থ বিধায়ক ভুৱন পেগু আৰু নৱ কুমাৰ দলেক লৈ মটৰ চাইকেল চলাই ৭৫ কিঃমিঃ দৈৰ্ঘ্যৰ মথাউৰিৰ পকী পথ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
উল্লেখ্য যে ২০১৭ চনত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মানৰ আশ্বাস দিছিল । কাৰ্যতঃ আজিলৈকে সেয়া সম্ভৱ ন’হলেও নাবাৰ্ডৰ অৰ্থ সাহাৰ্যৰে অসম চৰকাৰে 'অসম মালা' আঁচনিত নিৰ্মান কৰিলে ব্ৰহ্মপুত্ৰৰ বাঁওপাৰে কাৰেং চাপৰিৰ পৰা মাজুলীৰ হালধিবাৰী লৈ ৭৫ কিঃমি দৈৰ্ঘৰ মথাউৰিত পকী পথছোৱা ৷
নাবাৰ্ডৰ RIDF (RURAL INFRASTRUCTURE DEVELOPEMENT পুঁজিৰ ২২৫ কোটি টকা ব্যয় সাপেক্ষে এই পথ নিৰ্মান কৰা হৈছে ৷ যাৰ ফলত মাজুলীৰ পৰা ডিব্ৰুগড়লৈ পথৰ দৈৰ্ঘ্য অতিক্ৰমৰ সময় ৫ঘণ্টাৰ পৰিৱৰ্তে ডেৰ ঘণ্টা লৈ হ্ৰাস হ’ল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/424f7664-4d27-4f0f-bc93-b6db6616d024/429888865_978118750344492_6873144901687035886_n.jpg)
মাত্ৰ ৭৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰে ৫০ কিঃমি বাইকেৰে অতিক্ৰম কৰি উৎফুল্লিত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী । পুৱা ১০-৩০ বজাত বগীবিল কাৰেং চাপৰিৰ পৰা মুখ্যমন্ত্ৰীয়ে বাইক ৰেলী আৰম্ভ কৰে ৷ মাতমৰা বাঘচুকলৈ প্ৰায় ৫০ কিঃমি দৈৰ্ঘ্য মুখ্যমন্ত্ৰীয়ে মটৰ চাইকেলেৰে অতিক্ৰম কৰে ৷
ভিন্ন স্থানত দলীয় সমৰ্থক আৰু স্থানীয় ৰাইজে ফুল ছটিয়াই মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনায় ৷ পথটোৰ দুয়ো পাৰে মুখ্যমন্ত্ৰীৰ ৰেলী প্ৰত্যক্ষ কৰিবলৈ হাজাৰ হাজাৰ জনতাই ভিৰ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/2ae5e217-0be7-49f9-9e2b-671a2167939b/429821416_978118783677822_7849269337872667981_n.jpg)
পথটো উদ্বোধন কৰি আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে অসমীয়া প্ৰতিদিনক কয়- “ এয়া এক বিকাশৰ যাত্ৰা ৷ বিকাশে সমাজ অৰ্থনীতিলৈ পৰিৱৰ্তন আনে ৷ এয়া এক বিপ্লৱিক পৰিৱৰ্তন ৷ মথাউৰিটো পকীকৰণ এক পাইলট প্ৰজেক্টহে মাথো ৷ মাজুলীৰ পৰা ডিব্ৰুগড়লৈ দূৰত্ব হ্ৰাস হ’ল ৷ এতিয়া ডেৰ ঘন্টাত মাজুলীৰ পৰা ডিব্ৰুগড়ত এজন লোক উপস্থিত হ’ব পাৰিব ৷ আমি পথটো দ্বৈত লাইন কৰি দুখন গাড়ী যোৱাৰ পৰিকল্পনা কৰিছো ৷ এয়া চৰকাৰৰ ভৱিষ্যত দিনৰ পৰিকল্পনা ৷ ই শিক্ষা আৰু স্বাস্থ্যৰ দিশত এই অঞ্চলৰ ৰাইজক সহায় কৰাৰ লগতে যাতায়ত যোগাযোগ আৰু অৰ্থনীতিত সহায় কৰিব ৷
নদীৰ খহনীয়া অলপ আছে কিছু কিছু ঠাইত ৷ সেয়া আমি প্ৰতিৰোধৰ ব্যৱস্থা কৰিলে আমি বহু মাটি ৰক্ষা কৰিব পাৰিম ৷ আজি ইয়াত এখন খহনীয়া প্ৰতিৰোধৰ আঁচনিও শুভাৰম্ভ কৰিছোঁ ৷ মাজুলী এতিয়া ৰাজ্যৰ ভিতৰতে উন্নত স্থান ৷"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/e0a87b46-2485-4d07-9d20-eaf8e42eab84/429682086_978118830344484_6360459433939446303_n.jpg)
স্মৰ্তব্য যে, আজি পুৱা ১০-০০ বজাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্তাৰযোগে বগীবিল কাৰেং চাপৰিত উপস্থিত হয় ৷ তাৰ পাছতে নতুনকৈ নিৰ্মিত বগীবিল কাৰেং চাপৰি আৰু মাজুলী সংযোগী মথাউৰিত পকী পথ উদ্বোধন কৰি বাইক ৰেলীৰে মাজুলীলৈ ৰাওনা হয়।
মুখ্যমন্ত্ৰীক সংগ দিয়ে জোনাইৰ বিধায়ক ভুৱন পেগু ,ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে ,সাংসদ প্ৰদান বৰুৱা , মিচিং যুৱ নেতা জ’হান দলে আৰু এম এ চি অধ্যক্ষ সুনীল পেগুৱে ৷ আছুতীয়া সাক্ষাৎকাৰত জ’হান দলে আৰু বিধায়ক ভুৱন পেগুৱে কয়- ২০০৩ -০৪ চনত আমি মথিউৰি লাগে বান্ধ প্ৰতিৰোধ কৰিব লাগে বুলি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছিলোঁ ৷ আমি সপোনতো ভবা নাছিলো যে, এই মথাউৰিটোৱেই পকী পথ হ’ব ৷ এতিয়া বান আৰু খহনীয়া প্ৰতিৰোধৰ লগতে চৰকাৰে আমাক পথো উপহাৰ দিলে । এয়া কেৱল বিজেপি চৰকাৰৰ বাবে সম্ভৱ হৈছে ৷”
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/b1ada62f-191a-497a-a2a9-eba4d40109e4/429827632_978118657011168_253078076652037536_n.jpg)
উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ জোনাই সমষ্টিত ২০.৩৬ , ধেমাজি সমষ্টিত ৯.৪৫ , ঢকুৱাখনা সমষ্টিত ১৯.০৫ আৰু মাজুলী সমষ্টিত ১৪ কিলোমিটাৰ পকী পথৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে ৷ উত্তৰ অসমৰ যাতায়ত যোগাযোগত এই পথে এক পৰিৱৰ্তন অনাৰ দাবী কৰিছে ৰাজ্য চৰকাৰে ৷
Also Read: প্ৰাক্তন বিধায়ক-আইনজ্ঞ জগদীশ দাসৰ মৃত্যু