চিলাপথাৰত ৪৯ সংখ্যক ব্ৰহ্ম ধৰ্ম সমিতিৰ প্ৰতিষ্ঠা দিৱস পালন

চিলাপথাৰৰ ব্ৰহ্ম মন্দিৰত উৎযাপন কৰা হয় ৪৯ সংখ্যক ব্ৰহ্ম ধৰ্ম সমিতিৰ প্ৰতিষ্ঠা দিৱস

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত ৪৯ সংখ্যক ব্ৰহ্ম ধৰ্ম সমিতিৰ প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ, চিলাপথাৰঃ অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ উদ্যোগত ব্ৰহ্ম ধৰ্ম সমিতিৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস শনিবাৰে দিপাৰ ২ নং নাহৰবাৰী ব্ৰহ্ম মন্দিৰত উৎযাপন কৰা হয়। পুৱা ৯ বজাত ধৰ্ম ধ্বজ্জা উত্তোলন কৰে অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সভাপতি চন্দ্ৰমোহন মুছাহাৰীয়ে।

Advertisment

ইয়াৰ পাছতে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণ কৰে সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা যজ্ঞ আহুতি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ প্ৰধান প্ৰচাৰক লীলাকান্ত ব্ৰহ্মই।

দিনৰ ১১ বজাৰ পৰা চন্দ্ৰমোহন মুছাহাৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়।সভাত অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম সমিতিৰ প্ৰধান প্ৰচাৰক লীলাকান্ত ব্ৰহ্মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জীৱন-দৰ্শন, কৰ্মৰাজিৰ ওপৰত বক্তব্য ৰাখি কয় যে, যেতিয়াৰ পৰা বড়ো সকলে ব্ৰহ্ম ধৰ্মৰ নীতি আদৰ্শত চলিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই বড়ো সমাজ বহু পৰিমানে সংস্কাৰমুখী হ'বলৈ ধৰে। লগতে এখন সংস্কাৰমুখী আৰু সমৃদ্ধিশালী সমাজ গঢ় দিবলৈ আধুনিক ধ্যান ধাৰণা আৰু বিজ্ঞান মনস্ক দৃষ্টিভংগীৰে আগবাঢ়ি যাব লাগিব বুলিও গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায় ।

সভাত সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই সমাজত সকলোৱে সেৱাৰ মনোবৃত্তি পোষণ কৰি আগবাঢ়ি যাব লাগে বুলি উল্লেখ কৰে। সাম্প্ৰতিক সময় হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ। বিশ্বায়নৰ যুগত নিজকে উচ্চ শিখৰত আৰোহণ কৰিবলৈ হ'লে নিজৰ দক্ষতা, যোগ্যতা আৰু পাৰদৰ্শিতা অৰ্জন কৰি প্ৰতিযোগিতামূলক সমাজখনৰ সৈতে মোকাবিলা কৰাৰ সকলো সক্ষমতা থাকিব লাগিব বুলিও বক্তব্য ৰাখি যুৱ সমাজক গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ জৰিয়তে নিজৰ লগতে সমাজখনক আগুৱাই নিবলৈ আহ্বান জনায় বীৰেন্দ্ৰ কুমাৰে।

Also Read: তৈল কোম্পেনী অইলমেক্সৰ উদ্ধতালি: জাতীয় সংগঠনৰ গোচৰ পঞ্জীয়ন নকৰিলে আৰক্ষীয়ে

ব্ৰহ্ম ধৰ্ম সমিতি