ওদালগুৰিত সদৌ ব্ৰহ্ম ধৰ্ম কমিটিৰ সভা

ৰাজ্যখনৰ ওদালগুৰি জিলাৰ ব্ৰহ্ম সমাজৰ ব্ৰহ্ম সেৱাশ্ৰমত দেওবাৰে সদৌ ব্ৰহ্ম ধৰ্ম কমিটি আৰু ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰ সংসদৰ পৃথকে পৃথকে গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ।

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত সদৌ ব্ৰহ্ম ধৰ্ম কমিটিৰ সভা

ডিজিটেল সংবাদ, হাওৰাঘাটঃ ৰাজ্যখনৰ ওদালগুৰি জিলাৰ ব্ৰহ্ম সমাজৰ ব্ৰহ্ম সেৱাশ্ৰমত দেওবাৰে সদৌ ব্ৰহ্ম ধৰ্ম কমিটি আৰু ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰ সংসদৰ পৃথকে পৃথকে গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় । ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰ সংসদৰ মুখ্য প্ৰচাৰক মনোৰঞ্জন ব্ৰহ্মৰ সভাপতিত্বত প্ৰচাৰ সংসদৰ সভাখন অনুষ্ঠিত কৰা হয় ।

Advertisment

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰচাৰ সংসদৰ সচিব বিদ্যাসাগৰ ব্ৰহ্মই । এই সভাত ব্ৰহ্ম ধৰ্মক অসম তথা ভাৰতবৰ্ষত কেনেদৰে প্ৰচাৰ আৰু প্ৰসাৰ জৰিয়তে বিশ্বদৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ।

ইপিনে একে সময়তে সদৌ ব্ৰহ্ম ধৰ্ম কমিটিৰ গুৰুত্বপূৰ্ণ কেবিনেট সভা অনুষ্ঠিত কৰা হয় । এই সভাত সভাপতিত্ব কৰে সদৌ ব্ৰহ্ম ধৰ্ম কমিটিৰ সভাপতি অশ্বিনী কুমাৰ স্বৰ্গীয়াৰীয়ে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক জগত ব্ৰহ্মই । এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰাৰ লগতে গ্ৰহণ কৰা হয় ।

সভাত Brahma Dharma Coordination Committee ৰ অধ্যক্ষ ড° অজিত বড়ো উপস্থিত থাকি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে । সভাত ৰাজ্যখনৰ গোৱালপাৰা, গোলাঘাট, মৰিগাঁও, শোণিতপুৰ, কোকৰাঝাৰ, কাৰ্বি আংলঙকে ধৰি বহুকেইখন জিলাৰ ব্ৰহ্ম সমাজৰ পুৰোহিত, আচাৰ্য আৰু ভক্ত আইবাবা সকল উপস্থিত থাকে । আগন্তুক সদৌ ব্ৰহ্ম ধৰ্ম কমিটিৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি হ'বলগীয়া সোণালী জয়ন্তীৰ ধৰ্মীয় মুকলি সভাত ভাৰতৰ ৰাষ্ট্ৰপতিক নিমন্ত্ৰণ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

Also Read: শিলচৰত অঙ্গনৱাডী কৰ্মী-সহায়িকাৰ ভোট বৰ্জনৰ হুংকাৰ

udalguri