/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/5d471eaa-4435-4c9f-b444-6e4816a5473d/amb.jpg)
ডিজিটেল সংবাদ, বোকাখাত: মঙলবাৰে বোকাখাতত অনুসূচিত জাতি সমন্বয়ৰক্ষী উন্নয়ন সমিতিৰ উদ্যোগত প্ৰয়াত ভাৰতৰত্ন ড° ভীমৰাও আম্বেদকাৰৰ পুণ্য মৃত্যুতিথি উদযাপন কৰা হয়।
সংগঠনৰ সভাপতি ৰাতুল দাস আৰু সম্পাদক মনোজ দাসে আহ্বান কৰা সভাখনত সভাপতিত্ব কৰে বোকাখাত মহকুমা অনুসূচিত জাতি কল্যাণ পৰিষদৰ অধ্যক্ষ শ্ৰী যুত প্ৰহ্লাদ দাসে ৷
বোকাখাতৰ ড° আম্বেদকাৰ প্ৰেক্ষাগৃহত আয়োজিত সভাখনত উপস্থিত থাকে উন্নয়ন সমিতিৰ মুখ্য উপদেষ্টা বকুল দাস, কাৰ্যকৰি সভাপতি অপূৰ্ব দাস, অনুসূচিত জাতি বোকাখাত বিধান পৰিষদৰ সভাপতি জিতু দাসকে ধৰি কেইবাগৰাকীও বিষয়া ৷
প্ৰেক্ষাগৃহ চৌহদত অৱস্হিত আম্বেদকাৰৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু বৃক্ষ ৰূপনেৰে শুভাৰম্ভ কৰা সভাখনত অনুসূচিত জাতিৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰা হয় ৷ জাতিটোৱে নানান সাংবিধানিক অধিকাৰৰ পৰা উপেক্ষিত হৈ অহাত দুখ প্ৰকাশ কৰে সভাত উপস্থিত ব্যক্তিসকলে ।
উল্লেখযোগ্য যে সমষ্টিটোতঅনুসূচিত জাতিৰ বিভিন্ন সমস্যাৰাজিৰ সমাধানৰ বাবে মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ প্ৰদানৰ বাবে সভাখনত প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷
আৰু পঢ়ক: সতীৰ্থ আৰক্ষীৰ গুলীত প্ৰাণ গ'ল গকুলৰ...