কোকৰাঝাৰত বিপিএফৰ বিশাল সভা

কোকৰাঝাৰত বিপিএফৰ বিশাল সভা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ প্ৰথমে দিল্লীলৈ দুজন সাংসদ নিৰ্বাচিত কৰি পঠিওৱা , তাৰপিছত প্ৰমোদ বড়ো হাটাও , বিটিচি বাচাও মানে বিটিচি দখল আৰু তাৰপিছত দিছপুৰ দখল । এই পৰিকল্পনাৰ কথা ৰবিবাৰে সদৰি কৰিছে বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে । কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ তিতাগুৰী হালোৱাদলত আজি ছালাকাটি ব্লক বিপিএফৰ উদ্যোগত অনুষ্ঠিত হোৱা জনসভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য কৰিছে।

কোকৰাঝাৰ আৰু দৰং-ওদালগুৰিত বিপিএফে নিজাববীয়াকৈ প্ৰাৰ্থী দিয়াৰ কথা পুনৰবাৰৰ বাবে ঘোষণা কৰি মহিলাৰীয়ে দুয়োজন প্ৰাৰ্থীয়ে জিকিব বুলি মন্তব্য কৰিছে। কোকৰাঝাৰত মূল যুঁজ ইউপিপিএলৰ লগত আৰু দৰং ওদালগুৰিত যুঁজ বিজেপি-কংগ্ৰেছৰ সতে হ'ব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় -প্ৰথমে দিল্লীলৈ দুজন সাংসদ, চৰকাৰ এইবাৰ যিয়ে গঠন নকৰক কিয় জোৰা -টাপলি দি কৰিব লাগিব । যাৰে চৰকাৰ হয় তাৰে লগত থাকিব বিপিএফ । চৰকাৰৰ সতে থাকি এজন কেন্দ্ৰীয় মন্ত্ৰী ল'ব। তাৰপিছত চাওঁক বিটিচি কি হয় ! প্ৰমোদ বড়ো হাটাও , বিটিচি বাচাও । তাৰপিছত বিটিচি দখল আৰু ইয়াৰপিছতে দিছপুৰ দখল। হাগ্ৰামা মহিলাৰীয়ে কয় প্ৰমোদ বড়ো এজন ঠগ , বড়ো জাতিকে ঠগোৱা প্ৰমোদ বড়োই আন জাতিৰ কি কাম কৰিব ? প্ৰমোদ বড়োই কোনোবা কোচ ৰাজবংশীক , নাথ -যোগীক , কোনোবা মুছলমানক , কোনোবা বঙালীক সহায় কৰাটো অসম্ভৱ কথা ।

এইবাৰ বিটিচি চৰকাৰ গঠন হ'লে খাচ মাটি , একচনীয়া মাটিত পাট্টা দিয়াটো চৰকাৰৰ মূল ইচ্ছু হ'ব বুলি মন্তব্য কৰি হাগ্ৰামা মহুলাৰীয়ে কোচ-ৰাজবংশী , আদিৱাসীক জনজাতিকৰণত আপত্তি নাই বুলি উল্লেখ কৰিছে । আনহাতে বিটিচিত বড়োসকলক সকলো জাতি -জনগোষ্ঠীয়ে সন্মান কৰে আৰু অভিভাৱক হিচাপে লয় গতিকে বড়োসকলে আন জাতি-জনগোষ্ঠীক বেয়া পালে নহ'ব বুলি তাপপৰ্যপূৰ্ণ মন্তব্য কৰে মহিলাৰীয়ে। ইপিনে ৰামমন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত তেওঁলোকৰ দৰে সৰু মানুহৰ কাম নাই বুলি মন্তব্য কৰি তেওঁ কাইলৈ নিজৰ কাৰ্যসূচী লৈয়ে ব্যস্ত থাকিব বুলি সদৰি কৰিছে ।

উল্লেখ্য যে আজি হালোৱাদল পথাৰত অনুষ্ঠিত হোৱা জনসভাখন লোকে লোকাৰণ্য হৈ পৰে । বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে জনতাৰ মাজলৈ গৈ কথা পাতে । তদুপৰি কাৰ্যসূচী অনুসৰি ৰাতিপুৱা শ্বহীদ তৰ্পন আৰু পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন হয় । আজিৰ সভাত বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী , প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম , বিটিচিৰ পাৰিষদ ক্ৰমে দেৰহাছাৎ বসুমতাৰী , প্ৰকাশ বসুমতাৰী , প্ৰাক্তন পাৰিষদ খালিলুৰ ৰহমান , সদ্যপদত্যাগী বিজেপি নেতা ৰাজকুমাৰ ব্ৰহ্ম , ছালাকাটি ব্লক , আঞ্চলিক , বুথ কমিটিৰ সভাপতি আৰু সম্পাদক , কাষ্টম বসুমতাৰী আদিকে ধৰি বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

কোকৰাঝাৰত বিপিএফৰ বিশাল সভা
বৰমাত বাক্সা জিলা এবছুৰ ১৯ সংখ্যক অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in