মন্ত্রী অতুল বৰাক হত্যাৰ ভাবুকি দিয়া যুৱকক আটক

মন্ত্রী অতুল বৰাক হত্যাৰ ভাবুকি দিয়া যুৱকক আটক

ডিজিটেল ডেস্কঃ মন্ত্রী অতুল বৰাক হত্যাৰ ভাবুকি দিয়া যুৱকক আটক। তথ্য প্রমাণৰ ভিত্তিত গৌৰীসাগৰৰ পৰা এজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। জানিব পৰামতে, যুৱজনৰ নাম নিপ প্রতীম বৰুৱা।

উল্লেখ্য যে, সামাজিক মাধ্যমত মন্ত্রী অতুল বৰাক হত্যাৰ ভাবুকি দিছিল যুৱকজনে। শান্দিল্য উপাধিৰে ফেচবুকত কোনো পৰ্টেল এটাৰ তলত মন্ত্ৰী গৰাকীক ব'ম দি উৰুৱাই দিম বুলি পোষ্ট দিছিল যুৱকজনে। তাৰ পাছতেই আৰক্ষীয়ে আটক কৰে যুৱকজনক। গৌৰীসাগৰ আৰক্ষীয়ে সদৰ আৰক্ষীৰ জিম্মালৈ যুৱকজনক প্ৰেৰণ কৰিছে । যুৱকজন গৌৰীসাগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, ভাৰতীয় ষ্টেট বেংকৰ চাকৰি এৰি লোক নিৰ্মাণ গৃহ বিভাগৰ কনিষ্ঠ সহায়ক হিচাপে চাকৰি কৰি আছিল নিপ প্রতীম বৰুৱাই। চি আই ডিয়ে নিজাববীয়াকৈ ৰুজু কৰা CID CASE NO:7/23 uc:120b/353/511/153a/506/507 and r/w sec:66/66f it act অধীনত যুৱকজনক গ্ৰেপ্তাৰ কৰে ।

মন্ত্রী অতুল বৰাক হত্যাৰ ভাবুকি দিয়া যুৱকক আটক
ডিঙিত চিপ লোৱা অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in