ডিঙিত চিপ লোৱা অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ

ডিঙিত চিপ লোৱা অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
ডিঙিত চিপ লোৱা অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ

ডিজিটৈল সংবাদ, শিলচৰ: কাছাৰৰ ধলাই সমষ্টিৰ জয়ধনপুৰত নিজৰ ঘৰৰ ওচৰতে এডাল গছত ডিঙিত চিপ লোৱা অৱস্থাত এগৰাকী গৃহিণীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰৰ চোতালত এডাল গছত ওলমি থকা অৱস্থাত ২২ বছৰীয়া তাহেৰা বেগম লস্কৰ নামৰ গৃহিণী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়। ইফালে, তাহৰা বেগমক পৰিকল্পিতভাৱে পৰিয়ালৰ লোকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ কৰিছে তেওঁৰ মাতৃ পৰিয়ালে।

Advertisment

ঘৰৰ চোতালৰ ওচৰত এডাল গছত তাহেৰা বেগমে ডিঙিত চিপ লোৱা খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক। উক্ত ঘটনাৰ খবৰ পোৱাৰ পাছতেই তাহেৰা বেগমৰ পিতৃ-মাতৃ সহ পৰিয়ালৰ লোকো ঘটনাস্থলীত উপস্থিত হয়। বদৰুল ইছলাম লস্কৰৰ পত্নী আৰু দুটা সন্তানৰ মাতৃ তাহেৰা বেগমৰ এই মৃত্যু কোনেও সহজভাৱে মানি ল'ব পৰা নাই। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে তাহেৰাৰ পৰিয়ালে।

ইফালে খবৰ পাই ধলাই আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালয়লৈ প্ৰেৰণ কৰে।

তাহেৰাৰ পিতৃ কমৰুল ইছলাম লস্কৰ আৰু মাতৃ লাইলা বেগম লস্কৰে অভিযোগ কৰা মতে, মঙলবাৰে নিশা ২বাৰ ফোন কৰি তেওঁক পিতৃৰ ঘৰলৈ লৈ যাবলৈ অনুৰোধ কৰিছিল তাহেৰাই। নহ'লে নিশাটো জীয়াই থকা তেওঁৰ বাবে সম্ভব নহ'ব বুলি জনাইছিল তাহেৰাই। ইয়াৰ পিছতে পুৱতি নিশা ৩ বজাত তাহেৰা বেগমৰ‌ মৃত্যূ হোৱা বুলি শহুৰৰ ঘৰৰ পৰা তেওঁ লোকক খবৰ দিয়া হয়।

Also Read: আৰক্ষীৰ অভিযানত জব্দ ৫৬ বস্তা বাৰ্মিজ চুপাৰি

dead body found Silchar