বন্ধুৱে মাতি নিছিল ঘৰৰ পৰা, ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ মৃতদেহ

অভিযুক্ত
অভিযুক্ত

ডিজিটেল ডেস্কঃ পাণ্ডুত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ অজয় বৰুৱা নামৰ এজন যুৱকৰ মৃতদেহ।

অজয় বৰুৱাৰ পৰিয়ালে জনোৱা অনুসৰি সোমবাৰে নিশা ৯ মান বজাত বন্ধুৱে মাতি লৈ গৈছিল অজয় বৰুৱাক। তাৰপাছতে নিশা প্ৰায় ১২ মান বজাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰিছিল অজয়ৰ মৃতদেহ।

লুলু বাবু, সোণো নামৰ দুই যুৱকে মাতি লৈ গৈছিল অজয় বৰুৱাক। মৃতদেহ উদ্ধাৰ হোৱা পিছৰে পৰা পলাতক লুলু বাবু নামৰ যুৱকজন। হত্যা কৰি অজয়ক ব্ৰহ্মপুত্ৰৰ পাৰত পেলাই থোৱাৰ অভিযোগ পৰিয়ালৰ।

 ইতিমধ্যে সোণো নামৰ যুৱক জনক আটক কৰিছে জালুকবাৰী আৰক্ষীয়ে।  অজয়ৰ পৰিয়ালে অভিযোগ জনোৱা অনুসৰি ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে লুলু বাবু, সোণো জড়িত আছে। অৱশ্যে কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হল এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

অভিযুক্ত
লিভ-ইন সম্পৰ্কঃ প্ৰেমিকাক হত্যা কৰি ভৰাই থ'লে আলমাৰীত, আৰক্ষীৰ জালত কুখ্যাত অপৰাধী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in