/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/de427201-3f25-4eae-88f6-27edb7bf752c/AP_FOR_WEB_delhi.jpg)
ডিজিটেল ডেস্কঃ প্ৰায় ৪৮ ঘন্টা ধৰি চলা তীব্ৰতৰ অভিযানৰ পাছত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন পাষাণক। দিল্লী, হাৰিয়ানাত অভিযান চলোৱাৰ অন্তত ৰাজস্থানৰ উদয়পুৰৰ পৰা গ্ৰেপ্তাৰ কৰে বিপিন টেইলৰ নামৰ এজন যুৱকক।
অভিযোগ অনুসৰি বিপিনে প্ৰেমিকাক হত্যা কৰি মৃতদেহ আলমাৰীৰ ভিতৰত লুকুৱাই থৈছিল। বিপিন গুজৰাট চুৰাটৰ বাসিন্দা। বিপিনৰ বিৰুদ্ধে ইতিমধ্যে হত্যাৰ চেষ্টা আদিকে ধৰি প্ৰায় ১০ টা গোচৰ ৰুজু হৈ আছে।
আৰক্ষীয়ে জনাই যে ৩ এপ্ৰিলত পিচিআৰলৈ এটা ফোন আহিছিল য'ত ৰাজাপুৰীৰ ১০ নং পথত সংঘটিত এক হত্যাকাণ্ডৰ বিষয়ে খবৰ দিছিল। লগে লগে উক্ত স্থানত উপস্থিত হৈছিল আৰক্ষী।
ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত ৰুক্সাৰ নামৰ যুৱতীগৰাকীৰ পিতৃ মুষ্টাকিনে কৈছিল যে তেওঁৰ কন্যাক বিপিনে হত্যা কৰিছে। লগতে তেওঁ জনাইছিল যে ৰুক্সাৰে প্ৰায় ডেৰ মাহ ধৰি বিপিনৰ সৈতে লিভ-ইন সম্পৰ্কত আছিল।
যেতিয়া আৰক্ষীয়ে ৰুক্সাৰ ওৰফে ৰিয়া আৰু বিপিনে থকা ফ্লেটত অভিযান চলাইছিল তেতিয়া এটা আলমাৰীৰ ভিতৰত ৰুক্সাৰৰ মৃতদেহ উদ্ধাৰ হৈছিল। মৃতদেহটোত আঘাতৰ চিন স্পষ্ট আছিল।
চিচিটিভি ফুটেজ চাই আৰক্ষীয়ে গম পাইছিল যে বিপিনে ইতিমধ্যে পলায়ন কৰিছে উক্ত স্থানৰ পৰা। তাৰ পাছতে তীব্ৰতৰ অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিপিনক।
Also Read: শাৰীৰিক অনুশীলন কৰিব গৈ উভতি নাহিল ঘৰলৈঃ তীব্ৰ বেগী বাইকে প্ৰাণ ল'লে যুৱতীৰ